এতিয়া অসহায় কৃষকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পাতিছে ইখনৰ পাছত আনখন ভেকুলীৰ বিয়া |

0

বৰুণ দেৱতাক সন্তুষ্ট কৰি চিৰাল ফটা পথাৰলৈ বৰষাৰ ৰিম ঝিম নমাবলৈ ৰাইজে পাতিছে ভেকুলীৰ বিয়া নাজিৰাৰ গড়আলীত তিনি দিনীয়াকৈ পতা হ’ল এই বিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গড়আলীতো অনা বৃষ্টিৰ বাবে মূৰে কপালে হাত দিছে কৃষকে | নাজিৰাতো সযতনে ৰোৱা কঠিয়া আহিনমহীয়া টান ৰ’দত খেৰ হৈ পৰিছে | এতিয়া অসহায় কৃষকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পাতিছে ইখনৰ পাছত আনখন ভেকুলীৰ বিয়া | সকলোৰে মাথো এটাই কামনা, বৰুণ দেৱতাক কি দৰে সন্তুষ্ট কৰি কৃষকৰ দুটা ওঠত হাঁহি বিৰিঙাব পাৰি | তাকেলৈ গড়আলীবাসী ৰাইজৰ মনতো বহু জল্পনা কল্পনা | অৱশেষত চিৰাল ফটা পথাৰলৈ বৰষাৰ ৰিম ঝিম নমাবলৈ গড়আলীবাসী ৰাইজে পাতিলে ভেকুলীৰ বিয়া | আপুনি যিয়ে নকওঁক বা নাভাৱক কিন্তু এই ভেকুলীৰ বিয়াৰো আছে এক সুকীয়া মৰ্যদা | ইতিমধ্যে নাজিৰাৰ গড়আলীত তিনি দিনীয়াকৈ পতা এই বিয়াখন যোৱা নিশা ৰাইজে সামৰণি পেলায় | লগতে আপুনিও মন কৰক চোন ! এই আইতা গৰাকীলৈ, কৃষি ভূমিত পৰ্যাপ্ত পৰিমাণৰ পানী তথা বৰষুণৰ বাবে ভেকুলীৰ বিয়া নাম ইমান ধুনীয়া কৈ গাইছে |

Leave A Reply

Your email address will not be published.