নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জয়পুৰ আঞ্চলিক পঞ্চায়ত পুনৰ্গঠনৰ ওপৰত এক আলোকপাতl
নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জয়পুৰ আঞ্চলিক পঞ্চায়ত পুনৰ্গঠনৰ ওপৰত এক আলোকপাত ।
নিৰ্বাচনী প্ৰক্ৰিয়াৰ অংশ হিচাপে লোকসভা, বিধান সভা সমষ্টিৰ পুনৰ্গঠনৰ পিছত বৰ্তমান সময়ত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত সমূহৰ পুনৰ্গঠনৰ কাম চৰকাৰী ভাৱে চলাই আছে । ঘোষণা অনুসৰি গত ১৭ ছেপ্তেম্বৰ তাৰিখে নাহৰকটীয়া সমষ্টিৰ পঞ্চায়ত সমূহৰ খচৰা তালিকা প্ৰকাশ পাইছে । ( ডিব্ৰুগড় জিলাত প্ৰকৃতাৰ্থত ১৮ ছেপ্তেম্বৰত হে প্ৰকাশ পাইছে ) । সূচী অনুসৰি ১৮ — ২০ ছেপ্তেম্বৰৰ ভিতৰত ৰাইজৰ ওজৰ আপত্তি দাখিল কৰাৰ নিৰ্দেশনা, ২৩ – ২৫ ছেপ্তেম্বৰত শুনানি গ্ৰহণ আৰু ২৭ ছেপ্তেম্বৰত গৃহীত তালিকা প্ৰকাশ কৰাৰ কথা । এই ঘোষণা সমূহ পঞ্চায়তৰ অন্তৰ্ভূক্ত ৰাইজৰ জ্ঞাতাৰ্থে পঞ্চায়ত কাৰ্যালয়, আঞ্চলিক পঞ্চায়ত কাৰ্যালয়, জিলা পৰিষদ কাৰ্য্যালয়ৰ লগতে ৰাইজৰ সুবিধা হোৱাকৈ গাঁৱৰ গাঁও প্ৰধান সকলৰ জৰিয়তেও ৰাইজৰ মাজত প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও সেই কাৰ্য্য দেখিবলৈ পোৱা নগ’ল । পঞ্চায়ত স্তৰৰ কোনো কাৰ্য্যালয়ত অথবা গাঁও প্ৰধানৰ জৰীয়তে প্ৰচাৰ কৰা নহ’ল । আনকি ৰাজনৈতিক দল সমূহকো জ্ঞাত কৰা নহ’ল । পঞ্চায়ত পুনৰ্গঠনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো ৰাইজৰ পৰা সম্পূৰ্ণ গোপনে ৰখা হ’ল । কোনো গাঁও পঞ্চায়তত কিছু সংখ্যক সঁচেতন লোকে হে কম বেছি পৰিমাণে এই সন্দৰ্ভত খুচৰি উলিয়াই চৰকাৰী ভাৱে চলোৱা পঞ্চায়ত পুনৰ্গঠনৰ গোপন প্ৰতিৱেদন উদ্ধাৰ কৰি আপত্তি বা অভিযোগ দাখিল কৰিবলৈ সক্ষম হ’ল যদিও ৰাজ্যখনৰ প্ৰায় ৯০% শতাংশ পঞ্চায়তৰ ৰাইজ অন্ধকাৰত থাকিবলগীয়া হোৱা বুলি জানিব পৰা গৈছে । এইয়া অসম চৰকাৰৰ গণতান্ত্ৰিক অধিকাৰৰ ওপৰত চূৰান্ত আক্ৰমণ বুলি অভিহিত কৰিব পাৰি ।
এই প্ৰতিবেদনত নাহৰকটীয়া বিধানসভা সমষ্টিৰ জয়পুৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত পঞ্চায়ত সমূহৰ পুনৰ্গঠনৰ ক্ষেত্ৰত সৃষ্টি হোৱা খেলিমেলিৰ বিষয়ে কিছু আলোকপাত কৰিব বিচাৰিছো । জয়পুৰ আঞ্চলিক পঞ্চায়তত পূৰ্ব্বতে আছিল ১৪ খন গাঁও পঞ্চায়ত আৰু পঞ্চায়ত পুনৰ্গঠন প্ৰক্ৰিয়াত এইবাৰ গাঁও পঞ্চায়ত অন্তৰ্ভূক্ত হৈছে ১৬ খন । টিংখং বিধানসভা সমষ্টিৰ পৰা দুখন গাঁও পঞ্চায়ত নাহৰকটীয়া বিধানসভা সমষ্টিলৈ অনাৰ ফলত দুখন পঞ্চায়ত বৃদ্ধি পালে । আনহাতে নাহৰকটীয়া বিধান সভা সমষ্টিৰৰ পৰা এখন গাওঁ পঞ্চায়তৰ কেইটামান ৱাৰ্ড দুলিয়াজান সমষ্টিলৈ নি এখন ঐতিহাসিক ঠাইৰ নামৰ সৈতে যুক্ত গাঁও পঞ্চায়তখন বিলুপ্তি ঘটাই এখন নতুন গাঁও পঞ্চায়ত গঠন কৰা প্ৰক্ৰিয়াটো যথেষ্ট খেলিমেলি আৰু বেমেজালি যুক্ত হিচাবে ৰাইজৰ চকুত ধৰা পৰাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে । পঞ্চায়ত পুনৰ্গঠনৰ প্ৰক্ৰিয়াত চৰকাৰৰ এই ষড়যন্ত্ৰমূলক কাৰ্যত বিলুপ্ত ঘটোৱা গাঁও পঞ্চায়ত খনৰ সমগ্ৰ পঞ্চায়তৰ ৰাইজ বিক্ষুব্ধ হৈ পৰিছে । ডিব্ৰুগড় জিলাৰ অন্তৰ্ভূক্ত নাহৰকটীয়া বিধানসভা সমষ্টিৰ ” তিপাম ” এক ইতিহাস প্ৰসিদ্ধ ঠাই এই কথা সকলোৱে জানে । স্মৃতিবিজৰিত এই ঠাই খিনিক এক গুৰুত্বপূৰ্ণ পৰ্য্যটন স্থলী হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে অসম চৰকাৰে ভালেখিনি পদক্ষেপ গ্ৰহণ কৰাও দেখিবলৈ পোৱা গৈছে । ইতিহাসে সকলোকে সোঁৱৰাই দিয়ে যে অসমত আহোম ৰাজত্ব প্ৰতিষ্ঠাৰ শুভাৰম্ভ আহোম নৃপতি মহামতি ” চ্যুকাফা ” ই পাটকাই পাহাৰ পাৰ হৈ আহি এই ” তিপাম ” ত থিতাপি লৈছিল আৰু ” তিপাম ” ৰ প্ৰাকৃতিক সৌন্দৰ্য্যত মোহিত হৈ এই ” তিপাম” ত আহোম ৰাজত্বৰ পাতনি মেলিছিল । পৰবৰ্তী সময়ত আহোম ৰাজ্যৰ সীমা বিস্তাৰৰ সুবিধা হোৱাকৈ নামনিলৈ ভটিয়াই গৈ সোনাৰীৰ সমীপৰ চেৰাইদেও পৰ্ব্বতৰ দাঁতিকাষৰীয়া অঞ্চল আৰু শিৱসাগৰত ৰাজধানী পাতি তাৰ পৰাই সমগ্ৰ অসমত আহোম ৰাজ্যৰ বিস্তাৰ ঘটায় আৰু পৰবৰ্তী সময়ত পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘলীয়া সময় ছয় শ বছৰ ধৰি আহোমৰ ৰাজ শাসন পৰিচালিত হৈছিল । অসমৰ এই ইতিহাস বিজৰিত নামৰ সৈতে জড়িত ” তিপাম ফাকেয়াল গাঁও পঞ্চায়ত ” পঞ্চায়ত পুনৰ্গঠনৰ নামত গাঁও পঞ্চায়ত তালিকাৰ পৰা বিলুপ্ত ঘটোৱা কাৰ্য্যত সমগ্ৰ তিপাম অঞ্চলবাসী ৰাইজৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটাটো তেনেই স্বাভাৱিক কথা । সেয়ে এই ঘটনাত সমগ্ৰ তিপাম অঞ্চলৰ ৰাইজে স্বাক্ষৰ সংগ্ৰহ কৰি গত ২০ ছেপ্তেম্বৰ’২৪ তাৰিখে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্য্যালয়, নিৰ্বাচনী বিষয়া, জিলা পৰিষদ, জয়পুৰ উন্নয়ন খণ্ড আৰু নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ৰাইজৰ আপত্তিৰ বিষয়ে অভিযোগ পত্ৰ দাখিল কৰে । এই অভিযোগৰ ওপৰত জিলা আয়ুক্ত কাৰ্য্যালয়ত ২৩ ছেপ্তেম্বৰ’২৪ তাৰিখে ৰাইজৰ অভিযোগৰ ওপৰত শুনানি গ্ৰহণ কৰে । শুনানি কালত জিলা বিষয়া সকলে ৰাইজৰ অভিযোগৰ সত্যতাৰ সন্দৰ্ভত কোনো আলোচনা নকৰি কেৱলমাত্ৰ চৰকাৰৰ সিদ্ধান্ত ক বলপূৰ্বকভাৱে মানি ল’বলৈ ৰাইজৰ তিনি গৰাকী প্ৰতিনিধিৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ইংৰাজীত লেখা কাগজ এখনত প্ৰতিনিধি সকলক স্বাক্ষৰ দান দিবলৈ ছাপ সৃষ্টি কৰে । কিন্তু প্ৰতিনিধি সকলে ইংৰাজীত লেখা কথাখিনি বুজিবৰ বাবে তেওঁলোকৰ সহায়ৰ বাবে লগত লৈ যোৱা এগৰাকী অধিবক্তাক দেখুওৱাত অসমীয়া ভাষালৈ তৰ্জমা কৰি বুজাই দিয়ে যে এই পত্ৰত লেখা হৈছে ” চৰকাৰৰ পঞ্চায়ত পুনৰ্গঠনৰ ক্ষেত্ৰত কোনো ওজৰ আপত্তি নাই, এই কথা মানি লোৱা হৈছে ” বুলি । এই ধৰণে লেখা কথাত প্ৰতিনিধি দলটো ক্ষোভিত হয় আৰু ৰাইজৰ দাবী অনুসৰি ” তিপাম গাঁও পঞ্চায়ত বিলুপ্তকৰণ উঠাই পূৰ্ব্বৰ স্থিতিত তিপাম পঞ্চায়ত বাহাল ৰখাৰ দাবী উত্থাপন কৰি আয়ুক্ত বিষয়াই ইংৰাজীত লিখি দিয়া পত্ৰত স্বাক্ষৰ দানৰ পৰা বিৰত থাকি তেওঁলোকে আয়ুক্ত কাৰ্য্যালয় ত্যাগ কৰি গুছি আহে আৰু ইতিমধ্যে চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাইজক অৱগত কৰে ।
উল্লেখযোগ্য যে পঞ্চায়ত পুনৰ্গঠন কাৰ্য্যত ” তিপাম ফাকেয়াল গাঁও পঞ্চায়ত ” ৰ অন্তৰ্ভূক্ত গাঁও ৱাৰ্ড সমূহৰ তৰাজান, গৰিয়াবাম-শিমলুবাম, ঔগুৰি ৱাৰ্ড কেইটা প্ৰায়, ১০/১২ কিঃমিঃ দূৰত্বত অৱস্থিত দুলিয়াজান সমষ্টিৰ ভাদৈ পাঁচআলি পঞ্চায়তত চামিল কৰিছে, ফেকেলাজান, চৰাইপুং ইত্যাদি ৱাৰ্ড প্ৰায় ১২ কিঃমিঃ দূৰত্বত নতুনকৈ গঠন কৰা ঊষাপুৰ ( পূৰ্ব্বৰ তিপাম ফাকেয়াল পঞ্চায়তৰ অন্তৰ্ভূক্ত এলেকাৰ ৱাৰ্ড সমূহক লৈ ) পঞ্চায়তৰ অন্তৰ্ভূক্ত কৰা হৈছে । আনহাতে ” তিপাম গাঁও পঞ্চায়তৰ অন্তৰ্ভূক্ত দিহিং কিনাৰ বঙালী গাঁও, দিহিং কিনাৰ টিয়কী,টিয়কী, টিয়কী ব্লক, টিয়কী ব্লক ( কোঁৱৰ গাঁও ) আদি ৱাৰ্ড সমূহ প্ৰায় ১০/১২ কিঃমিঃ দূৰত্বত অৱস্থিত জয়পুৰ গাঁও পঞ্চায়তত আৰু দিহিং কিনাৰ বঙালী, ফাকিয়াল, দিহিং কিনাৰ নক্তে গাঁও, তিপাম ফাকিয়াল, তিপাম, তিপাম ফাকিয়াল নেপালী গাঁও আদি ৱাৰ্ডক জয়পুৰ পঞ্চায়তক অতিক্ৰম কৰি গৈ ১২ কিঃমিঃ দূৰত্বত থকা কেন্দুগুৰি গাঁও পঞ্চায়তৰ লগত চামিল কৰিছে আৰু আনহাতে কেন্দুগুৰি গাঁও পঞ্চায়তৰ এটা ৱাৰ্ড মালিপথাৰ গাঁও ক ১২ কিঃমিঃ দূৰত্বত থকা কছাৰীপথাৰ গাঁও পঞ্চায়তত সংযোগ কৰা হৈছে । ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে এই ধৰণৰ টোঘলকী কাৰ্য্যৰ দ্বাৰা পঞ্চায়ত পুনৰ্গঠনৰ নামত ৰাইজক দূৰ দূৰণিলৈ ঠেলি দি পঞ্চায়তৰ সকলো সুবিধাৰ পৰা বঞ্চিত কৰাৰ হে চৰকাৰে এনেধৰণৰ পৰিকল্পনা কৰিছে । ৰাইজৰ প্ৰশ্ন পঞ্চায়ত ব্যৱস্থা গ্ৰামাঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে নে গ্ৰামাঞ্চলৰ ৰাইজক সকলো সুবিধাৰ পৰা পৰা বঞ্চনা কৰাৰ এক গভীৰ পৰিকল্পনা । চৰকাৰে এই সমূহ বিষয় পুনৰ্বিবেচনা কৰক আৰু পূৰ্ব্বৰ দৰেই গাঁও পঞ্চায়ত সমূহ ৰখাৰ ব্যৱস্থা কৰক । বিশেষকৈ ঐতিহাসিক ” তিপাম গাঁও পঞ্চায়ত ” পুনৰ বাহাল ৰখা হওঁক , এইয়ে হৈছে ত সমগ্ৰ তিপাম গাঁও পঞ্চায়তবাসী ৰাইজৰ দাবী । অন্যথা চৰকাৰৰ ৰাইজ বিৰোধী কাৰ্য্যৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ বিকল্প নাথাকিব আৰু তাৰ বাবে চৰকাৰী হঠকাৰী সিদ্ধান্তই জগৰীয়া হ’ব বুলি ৰাইজে সকিয়াই দিয়ে ।