প্ৰচণ্ড গৰমৰ প্রকুপকো নেওচি বিহালীৰ মোনাবাৰী বাগিচাত উৎযাপন কৰা হল….
প্ৰচণ্ড গৰমৰ প্রকুপকো নেওচি বিহালীৰ মোনাবাৰী বাগিচাত উৎযাপন কৰা হল l
নুৱা খাই ভেট ঘাট পৰ্ব ৰাইজৰ মাজত দেখা গল উখল মাখল পৰিবেশ l ইটাখোলা আৰু ডেকা পথাৰ উৎকল উড়িয়া সমাজ ও ৰাইজৰ সহযোগত উৎযাপন কৰিলে ৬৫তম নোৱাখাই ভেটঘাট পৰ্ব।
প্ৰথম কাৰ্যসুচিত ৪টা উড়িয়া নৃত্য দ’ল উপস্থিত থাকে। আখড়া মুকলি কৰে বিশিষ্ট সমাজ সেৱক ডঃ কল্প কিশোৰ হাজৰিকায়ে।
উপস্থিত থাকে মোনাবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক চন্দ্ৰ লাল শৰ্মা,
শিক্ষক মহেন্দ্ৰ তান্তী মোনাবাৰী চাহ বাগিছাৰ পৰিচালক মৃণাল শৰ্মা,আৰু গন্য মান্য ব্যক্তি সকল।
নোৱা খাই ৬৫তম উপলক্ষে এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় জোহাৰ প্ৰথম আস্থান দখল কৰে গহপুৰৰ পুৰোববাৰী ২য় আস্হান দখল কৰে বাঘমাৰী চাহ বাগিচা , মঞ্চ মুকলি কৰে মোনাবাৰী চাহ বাগিছাৰ পৰিচালক মৃণাল শৰ্মায়ে, সন্ধিয়া লৈ ডিব্ৰুগড়ৰৰ পৰা আমন্ত্ৰণ কৰি অনা শিল্পী জিৎৰাজ নাগৰ গীতৰ শৰাই l
আমন্ত্ৰিত শিল্পীৰ গীতৰ তালে তালে নাচিলে উপস্থিত অজস্ৰ জন দৰ্শকে ।