তেজপুৰ নিশা ই . এম. এম . হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত এক উতপ্ত পৰিস্থিতি।
তেজপুৰ নিশা ই . এম. এম . হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত এক উতপ্ত পৰিস্থিতি।
আচলতে জীয়াউল হাদীৰ নামৰ এজন ব্যক্তিৰ লগত প্ৰকৃততে কি হৈছে ?
ৰাজনৈতিক চক্ৰান্তত বলী হৈছে নেকি হাদী?
তেজপুৰ পাচঁমাইল গাওঁ পঞ্চায়তৰ প্ৰাক্তন সদস্য হৈছে জীয়াউল হাদী।আৰক্ষী চকীত হঠাৎ অসুস্থ হৈ পৰে জিয়াউল হাদী।উল্লেখযোগ্য যে পাচঁমাইল গাওঁ পঞ্চায়তৰ প্ৰাক্তন সদস্য জীয়াউল হাদীক কোনো গোচৰ বিহীন ভাবে আটক কৰি একদিন এক নিশা ৰখাৰ পিছত কালি আকৌ বৰঘাট আৰক্ষী চকীত মাতি আনে জীয়াউল হাদীক।
বৰঘাট আৰক্ষী চকীৰ ভিতৰতে পানী খোৱাত হঠাৎ অসুস্থ হৈ পৰে জিয়াউল হাদী।
উক্ত ঘটনা সম্পৰ্কে সাংবাদিকৰ কেমেৰাৰ আগত ৰাইজে অভিযোগ কৰা মতে,
চহৰ আলীৰ ৰাজনৈতিক চক্ৰান্তৰ বলি হৈছে জীয়াউল হাদী। বিগত দিনত ৰাজনীতিৰ পৰা আঁতৰি থকাৰ বাবে বল প্ৰয়োগ কৰি আহিছিল চহৰ আলীয়ে। থানাৰ ভিতৰত অসুস্থ হৈ পৰা হাদীক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত লৈ যায় যদিওঁ উন্নত মানৰ চিকিৎসাৰ বাবে তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰেৰণ কৰে।