নগাঁৱৰ জাজৰীত ন বোৱাৰীক হত্যাৰ অভিযোগ

0

নগাঁৱৰ জাজৰীত ন বোৱাৰীক হত্যাৰ অভিযোগ

ৰাসায়নিক দ্ৰব্য খোৱাই হত্যাৰ কৰাৰ সন্দেহ পৰিয়ালৰ

জাজৰী আৰক্ষী থানাত পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিলে স্বামী প্ৰভাত দাসৰ বিৰুদ্ধে

নতুনকৈ সপোন দেখিবলৈ আৰম্ভ কৰিছিল হে তাই, কিন্তু আধাতে মৰহিল সপোনৰ কলি।

নগাঁৱৰ জাজৰী আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰীৰ প্ৰভাত দাসৰ সৈতে যোৱা আগষ্ট মাহত বিবাহ পাশত আবদ্ধ হৈছিল পম্পি দাস নামৰ এইগৰাকী যুৱতী।

কিন্তু আজি তাই নাই। বৃহস্পতি বাৰৰ পুৱতি নিশা নগাঁৱৰ মাৰ্চি নাচিংহোমত মৃত্যুক সাৱতিলে পম্পিয়ে।।পম্পিৰ আচলতে হৈছিল কি! মৃত্যুৰ পিছতহে পৰিয়ালৰ লোকে গম পাইছিল পম্পিৰ মৃত্যুৰ খবৰ।।

আৰু তাৰ পিছত এয়া ভোগেশ্বৰী ফোকননী অসামৰিক চিকিৎসালয়ৰ মৰ্গৰ সন্মুখৰ বৃহস্পতি বাৰৰ দিনৰ দৃশ্য।অধিক মদ্যপান কৰা অভিযোগ থকা স্বামী প্ৰভাত দাস আৰু পৰিয়ালৰ প্ৰতি সন্দেহৰ আঙুলি উঠাইছে পম্পি দাসৰ পৰিয়ালৰ লোকে।

খাদ্যৰ লগত ৰাসায়নি দ্ৰব্য মিহলাই পম্পি দাসক খোৱাৰ অভিযোগ পৰিয়ালৰ।।বুধবাৰৰ সমগ্ৰ দিনটোত পম্পি দাসৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাছিল পৰিয়ালে। আৰু নিশা লৈ আহিল পম্পিৰ মৃত্যুৰ খবৰ।।

ইতিমধ্যে পম্পি দাসৰ পৰিয়ালৰ লোকে জাজৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে স্বামী প্ৰভাত দাসৰ বিৰুদ্ধে।।কোন সঁচা কোন মিছা ?

আৰক্ষীৰ নিৰপেক্ষ তদন্ত কিম্বা পম্পি দাসৰ মৰোন্নতৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে আহিব পোহৰলৈ l

Leave A Reply

Your email address will not be published.