ভাৰতীয় পত্ৰকাৰ সংঘl
ভাৰতীয় পত্ৰকাৰ সংঘ AIJ ৰ ৰূপহী হাট আঞ্চলিক কমিটি গঠনl
সাংবাদিক আবুল বাসাৰক সভাপতি আৰু ৰছিদুল হকক সম্পাদক হিচাপে নিৰ্বাচিত
আজি ৰূহপীৰ মোগল ই দৰবাৰ হোটেলত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপুৰ্ণ সভাত ১১ জনীয়া ৰূপহীহাট AIJ ৰ কমিটি খন গঠন কৰা হয়
ৰূপহী হাটৰ বিভিন্ন স্তৰৰ ১৫ জনকৈ সাংবাদিক উপস্থিত থকা সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকি Association of Indian Journalist ৰ কৰ্ম পদ্ধতি আৰু আৰু লক্ষ্য উদ্দেশ্য সম্পৰ্কে ভাষণ প্ৰদান কৰে নগাঁও জিলা ভাৰতীয় পত্ৰকাৰ সংঘৰ সভাপতি তথা হয়বৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক মোস্তাফা কামালে
নিজৰ তত্ত্ব গধুৰ ভাষনত আজিৰ সাংবাদিক সকলে নিৰ্ভীক নিৰপেক্ষ স্পষ্টবাদী আৰু সমাজৰ যোগাত্মক দিশত বাতৰি পৰিৱেশন কৰিবলৈ সকলোকে আহ্বান জনায় জ্যেষ্ঠ সাংবাদিক মোস্তাফা কামালে
সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি নগাঁও জিলা ভাৰতীয় পত্ৰকাৰ সংঘৰ সম্পাদক প্ৰাঞ্জল শইকীয়াই আঞ্চলিক কমিটি গঠনৰ নীতি নিৰ্দেশনাৰ ওপৰত গঠন মুলক পৰামৰ্শ আগবঢ়াই
ভাৰতীয় পত্ৰকাৰ সংঘৰ নগাঁও জিলাৰ উপ-সভাপতি সাংবাদিক ফুৰকানুল ইছলামে ইতিমধ্যে দুটাকৈ সফল সাংবাদিকৰ বঁটা লাভ কৰাৰ বাবে আজিৰ সভাতেই বিভিন্ন স্তৰৰ সাংবাদিক, দল, সংগঠনে উষ্ম আদৰণি জনায়।।