কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা শাৰদীয় দুর্গা পূজাত পূজা সমিতিসমূহে মানি চলিবলগীয়া কেতবোৰ নীতি নির্দেশনা

0

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা শাৰদীয় দুর্গা পূজাত পূজা সমিতিসমূহে মানি চলিবলগীয়া কেতবোৰ নীতি নির্দেশনা

কৰিবলগীয়া :

১. অনুভাষ যন্ত্র (Loud Speaker) ৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণ সম্পৰ্কীয় নিয়ম-নীতি সাৱধানে মানি চলিব।

২. এই নীতি নিয়মবোৰ সকলো কর্মকর্তাক বুজাই দিয়ক।

৩. অস্থায়ীভাৱে নিৰ্মাণ কৰা পূজা মণ্ডপ, বৈদ্যুতিক সা-সৰঞ্জাম আদিৰ পৰা সকলো দৰ্শনাৰ্থীৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰক।

৪. সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত থকা সকলো নির্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ সৈতে সহযোগীতাৰ মনোভাৱ পোষণ কৰক।

৫. দুর্গা পূজা শান্তিপূর্ণভাৱে পালন হোৱাটো নিশ্চিত কৰক।

৬. দুর্গা পূজাৰ উৎসৱস্থলী সকলো ধৰণৰ বিপদজনক সামগ্ৰীৰ পৰা মুক্ত আৰু

পৰিস্কাৰকৈ ৰাখক।

৭. জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ এক সুকীয়া স্থান নির্দিষ্ট কৰি ৰাখক।

৮. যিকোনো জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰাৰ বাবে চিকিৎসককে ধৰি এটি চিকিৎসা গোট ৰাখিব।

৯. পর্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰক আৰু তেওঁলোকৰ দায়িত্ব সন্দর্ভত আগতীয়াকৈ থোৰতে জনাই দিয়ক।

১০. সকলো স্বেচ্ছাসেৱককে সহজে চিনাক্ত কৰিব পৰা পৰিচয় পত্ৰ প্ৰদান কৰক।

১১. কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমন ঘটিলে আৰু পূজাস্থলীৰ সকলো কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ স্থানীয় আৰক্ষী থানাত জনাওক আৰু সকলো সুৰক্ষা নিৰ্দেশ কঠোৰভাৱে মানি চলক।

১২. পূজাস্থলীত মাদকদ্রব্য আৰু নিচাজাতীয় দ্রব্য নিষিদ্ধ কৰক।

১৩. অনুষ্ঠান শেষ হোৱাৰ পিছত পূজাস্থলী পৰিষ্কাৰ কৰাটো নিশ্চিত কৰক।

১৪. বলপূর্বকভাৱে চান্দা বা বৰঙণি সংগ্ৰহ নকৰিব। মনত ৰাখিব এয়া বে-আইনী।

১৫. পূজাৰম্ভৰ পূৰ্বে পূজা সমিতিৰ সকলো বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ নাম সমীপৱৰ্তী আৰক্ষী থানাত দাখিল কৰক।

১৬. এই নীতি নির্দেশনা অনুসাৰ কাম কাৰবলে সকলো কমকতা, ভক্তক আহ্বান জনাওঁক।

১৭. অনুগ্ৰহ কৰি মনত ৰাখিব যে এই নীতি-নির্দেশনা কোনোবাই ভংগ কৰিলে বা মানি নচলিলে সেয়া সমিতিৰ ব্যৰ্থতাকে সূচায়।

১৮. আপোনালোকৰ পূজাস্থলীলৈ কোনোৱা গুৰুত্বপূর্ণ ব্যক্তি, নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা ব্যক্তিৰ আগমনৰ সন্দৰ্ভত অনুগ্ৰহ কৰি আগতীয়াকৈ আৰক্ষীক জনাওঁক।

১৯. পূজা মণ্ডপ খালী হৈ থকা সময়ত সুৰক্ষাৰ বাবে পূজা মণ্ডপত ৰখীয়া থকাটো নিশ্চিত কৰিব।

২০. জন সমাগম সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰক লগতে পুৰুষ-মহিলাৰ বাবে পৃথকে পৃথকে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা গ্ৰহণ কৰক।”

২১. পূজা মণ্ডপৰ আশে-পাশে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৰাখিব।

২২. বিজুলী সংযোগ ব্যাহত হলে এই ক্ষেত্রত পর্যাপ্ত বিজুলি সৰবৰাহ সুনিশ্চিত কৰাৰ কাৰণে Generator Set ৰ ব্যৱস্থা কৰক।

২৩. স্থানীয় আৰক্ষীৰ লগত আলোচনা কৰি গুৰুত্বপূৰ্ণ স্থানসমূহত পর্যাপ্ত CC TV Camera ৰ ব্যৱস্থা কৰক।

২৪. প্রতিমা বিসর্জৰ্জনৰ সময়ত জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনে বান্ধি দিয়া নিয়মসমূহ সম্পূর্ণভাৱে মানি চলক।

২৫. ভক্তপ্ৰাণ ৰাইজৰ সুবিধার্থে প্ৰতিখন পূজা সমিতিয়ে একোটা ২৪x৭ সহায়ক কক্ষ স্থাপন কৰক।

২৬. প্রতিমা বিসর্জনৰ শোভাযাত্ৰাৰ সময়ত কোনো ধৰণৰ ফটকা আদি ফুটোৱা কাৰ্যৰ পৰা বিৰতি থাকক। এনে কার্যই হয়তো অভাৱনীয় দুর্ঘটনা ঘটাব পাৰে।

২৭. বিসৰ্জনৰ দিনাখন সকলো পূজা সমিতিকে তেওঁলোকৰ শোভাযাত্ৰা দিনৰ ১১ বজাৰ পৰা আৰম্ভ কৰাৰ বাবে আহ্বান জনোৱা হৈছে।

২৮. পূজা সমিতিৰ সকলো সদস্যকে বিশেষকৈ যুৱ সদস্যসকল আৰু আন শোভাযাত্ৰাকাৰীয়ে যাতে কোনোধৰণৰ অসামাজিক কার্যত লিপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। যদি কোনো সদস্য বা শোভাযাত্ৰাকাৰীক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনেহ’লে তেনেকুৱা সদস্যক শোভাযাত্ৰাৰ পৰা আতৰাই ৰখাৰ চেষ্টা কৰক।

২৯. পূজা সমিতি সমূহক পূজা সম্পর্কীয় সকলো বেনাৰ, হার্ডিং, পোষ্টাৰ, তোৰণ আদিত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হ’ল।

নকৰিবলগীয়া :

১. ৰাজহুৱা পথৰ ওপৰত পূজা পেণ্ডেল নাসাজিব।

২. পোষ্টাৰ বেনাৰ লগাই কোনো ৰাজহুৱা দেৱাল-সম্পত্তি, প্রাকৃতিক সম্পদ নষ্ট নকৰিব।

৩. ৰাজহুৱা স্থানত কোনো কার্য্যালয়/ বিপণি আদি স্থাপন নকৰিব।

৪. কোনো ৰাজহুৱা স্থানত পতাকা/ কাপোৰ/ পোষ্টাৰ নলগাব।

৫. পেণ্ডেলৰ ১০০ মিটাৰ ভিতৰত যান-বাহন থোৱাৰ অনুমতি নিদিব।

৬. কোনো ৰাজহুৱা স্থানত প্লাষ্টিকৰ বেগ, পতাকা, বেনাৰ, কাপোৰ বা পোষ্টাৰ ব্যৱহাৰ নকৰিব।

৭. নিশা ১০ বজাৰ পিছত অনুভাষ যন্ত্র (Loud Speaker) ৰ ব্যৱহাৰ নকৰিব।

৮. পূজা মণ্ডপ, তোৰণ আদি বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত হ’ব নালাগিব।

৯. অনুগ্ৰহ কৰি জনাসাধাৰণে সুৰক্ষিত আৰু নিৰাপদে উৎসৱ উদ্যাপন কৰাটো নিশ্চিত কৰক।

কেতবোৰ গুৰুত্বপূৰ্ণ ফোন নম্বৰ :

জিলা প্ৰশাসনৰ নিয়ন্ত্রণ কক্ষঃ ০৩৬১-২৭৩৩০৫২,

অগ্নি আৰু জৰুৰীকালীনসেৱা

নিয়ন্ত্রণ কক্ষঃ ০৩৬১-২৭৩৬৮০, ২৭৩৫৯৩৩,

২৭৩৫৯৩৫, ৯৪৩৫৯-৬০৬১৮

গুৱাহাটী পৌৰ নিগম

নিয়ন্ত্রণ কক্ষঃ ৮৮১১০০৭০০০, ৭৩৯৯০০৩০০১,

৭৩৯৯০০৩০০২

অসম বিদ্যুৎ বিতৰণ

কোম্পানী লিমিটেডঃ ৭০৮৬০৭৭৩৭৪, ৯৯৫৪১৯২১০৪, ৯৯৫৪১৯২১০৫

এন ডি আৰ এফ নিয়ন্ত্রণ কক্ষঃ ৯৪৩৫১১৭২৪৬

Leave A Reply

Your email address will not be published.