নিচাযুক্ত টেবলেট খুৱাই নাবালিকাৰ লগত কৰিলে অপকৰ্মl
নিচাযুক্ত টেবলেট খুৱাই নাবালিকাৰ লগত কৰিলে অপকৰ্ম ৷
বিশ্বনাথৰ দিৰিং চাহ বাগিছাৰ ১৩ বছৰীয়া এগৰাকী নাবালিকাৰ লগত এটা লম্পটে সংঘটিত কৰিলে জঘন্য কাণ্ড ।
তিনিসুতিৰ বজাৰত চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দেখুৱাই নাবালিকাৰ লগত কৰিলে অপকৰ্ম। পুৱা সাৰ পাই নিজকে বিচনাত উলংগ অৱস্থাত পালে নাবালিকা গৰাকীয়ে ৷ কাষতে শুই থকা অৱস্থাত উদ্ধাৰ কৰে দিৰিং চাহ বাগিছাৰ কামাল মহানন্দ নামৰ লম্পটটোক। কামালৰ ঘৰতে থাকি তেওলোকৰ গেলামাল আৰু ফাষ্ট ফুডৰ দোকানত বিগত তিনি মাহ ধৰি কাম কৰি আছিল কিশোৰী গৰাকীয়ে ৷ বৃহস্পতিবাৰে বিয়লি তিনিসুতি বজাৰত চেণ্ডেল কিনি দিয়াৰ চলেৰে শহুৰেকৰ ঘৰলৈ কামালে লৈ গৈছিল কিশোৰী গৰাকীক ৷ নিশা নিচা জাতীয় টেবলেট সেৱন কৰাই কিশোৰী গৰাকীৰ লগত অপকৰ্ম কৰাৰ অভিযোগ উঠিছে কামাল মহানন্দৰ বিৰোদ্ধে ৷ শুক্ৰবাৰে দিনৰ ভাগত কিশোৰী গৰাকী অসুষ্ঠ হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ অহাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে আৰক্ষী থানাত। ইতিমধ্যে শুক্ৰবাৰে নিশাই বিশ্বনাথ আৰক্ষীয়ে কৰায়ত্ত কৰিলে কামাল মহানন্দক আৰু নিশাৰ ভাগত বিশ্বনাথ জিলা চিকিৎসালয়ত কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বিশ্বনাথ আৰক্ষীয়ে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷