স্বাধীনতাৰ ৭৭ টা বৰ্ষৰ পিছতো নিৰ্মাণৰ মুখ দেখা নাই সৰুপথাৰ সমষ্টিৰ এটা পথে।

0

স্বাধীনতাৰ ৭৭ টা বৰ্ষৰ পিছতো নিৰ্মাণৰ মুখ দেখা নাই সৰুপথাৰ সমষ্টিৰ এটা পথে।হয়, সমষ্টিটোৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ পূব-বৰপথাৰ গাঁৱ পঞ্চায়তৰ অধীনৰ ঘনশ্যাম বৰুৱা পথৰ পৰা-বাৰমুখীয়া সংযোগী পথৰ দূৰাৱস্থাৰ বাবে জ্বলা-ক’লা খাইছে গাঁওবাসীয়ে।ৰাইজৰ অভিযোগ কি এজিপি,কি কংগ্ৰেছ বৰ্তমানৰ শাসনাধীষ্ট বিজেপি কোনো এখন চৰকাৰৰ দিনতে নিৰ্মাণৰ মুখ দেখা নাই পথটোৱে।পথটোৰ দূৰাৱস্থাৰ বাবে গাঁওখনলৈ এজাক বৰষুণ দিলে নাহে অন্য বাহন বা ১০৮ এম্বুলেন্স।ফলত ডেলিভাৰী ৰোগীকে ধৰি অন্য ৰোগী আনিব লগীয়া ঠেলাৰে বা কোলাত দাঙি।যাতায়তত অসুবিধাত পৰে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী,অন্য পথচাৰী ৰাইজ।যাৰবাবে ৰাইজে ইতিমধ্যে প্ৰতিবাদ কৰাৰ উপৰিও পথটো নিৰ্মাণৰ বাবে কৰিছে আবেদন-নিবেদন।ৰাইজৰ অভিযোগ প্ৰতিবাদ,আবেদন-নিবেদনৰ পিছত কেইগাড়ীমান শিল পথটোত পৰিছে যদিও বৰ্তমানো পথটোৰ দূৰাৱস্থাৰ পৰা হাত হৰা নাই গাঁওবাসী।শেষত গাঁৱবাসীয়ে পথটো পকীকৰণ কৰি দিব’ৰ বাবে কৰ্তৃপক্ষক দাবী জনাইছে।

Leave A Reply

Your email address will not be published.