হাতীচোং মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সুকলমে সম্পন্ন।
নগাঁও জিলাৰ দক্ষিণ পশ্চিম অঞ্চলৰ উচ্চ শিক্ষাৰ শৈক্ষিক প্ৰতিষ্ঠান হাতীচোং মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা আজি দিনযোৰাকৈ অনুষ্ঠিত কৰা হয়। পুৱাই ৮ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত লুইত হাজৰিকাই। ৮ বাজি ৩০ মিনিটত বন্তি প্ৰজ্জ্বলন কৰি ৮ বাজি ৪০ মিনিটত বৃক্ষ ৰোপন কৰা হয় আৰু পিছলৈ ১০ বজাত মুকলি সভা অনুষ্ঠিত কৰা হয়। বিশিষ্ট অতিথি হিচাপে মৰিগাঁও তিৱা স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ শ্ৰীযুত মদন বৰদলৈ আৰু নিদিষ্ট বক্তা হিচাপে কৌশিক বৰদলৈ সাহিত্যিক উপস্থিত থাকে। সন্ধিয়া পৰত জনপ্রিয় কণ্ঠশিল্পী নিলাভ নীতাৰ গীতৰ শৰাই আগবঢ়োৱা হয়। গীতে – মাতে জীপাল কৰা অনুষ্ঠানটো ছাত্র – ছাত্ৰীৰ পূৰ্ণ সহযোগিতাত গাম্ভীর্যপূৰ্ণ গৈ উঠা নৱাগত আদৰণি সভাখন সফলতাৰে সামৰণি পৰে।