আজিৰ ৰাশি ফল ……
মেষ ৰাশি – আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপুনি সৰু লৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। প্ৰেমৰ সম্বন্ধ যদি কটকটীয়া কৰি ৰাখিব কৰি বিচাৰে তেন্তে কোনো তৃতীয়ৰ প্ৰলোভনত ভোল গৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বিষয়ে অযথা কথা নাভাবিব। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে ,যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ’ব। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাৱি আপুনি ভাল অনুভৱ কৰিব পাৰে।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- হালধীয়া অথবা কেশৰী ৰঙৰ বস্ত্ৰ গুৰু অথবা শিক্ষক অথবা কোনোবা সাধু সন্ত ক উপহাৰ হিচাপে আগ বঢ়ালে আপোনাৰ পাৰিবাৰিক আৰু অধিক শক্তিশালী হব।
বৃষ ৰাশি -যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰেতেন্তে অপুনি বহু ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰা সময়খিনি অধিকতৰ লব লাগিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। জীৱন সংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদৰ বেয়া লাগিব পাৰে আৰু তেখেত আপোনাৰ ওপৰত খং কৰিব পাৰে। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । জীৱন সংগীৰ লগত হাঁহি -খিকিন্দালি কৰি প্ৰত্যেক মুহুৰ্ত ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আজি আপুনি আকৌ কিশোৰাৱস্থা লাভ কৰিছে। আপোনাৰ ক্থাত গুৰুত্ব নিদিয়া বাবে আজি আপুনি ঘৰৰ মানুহখিনিৰ ওপৰত খং কৰিব পাৰে।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- শোৱাকোঠালীত ক্ৰিষ্টল বল ৰাখিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব।
মিথুন ৰাশি – স্বা্স্থ্যৰ প্ৰতি অলপ অধিক যত্ন লোৱা দৰকাৰ। আজি যদি আপুনি বেলেগৰ কথা মানি ক’ৰবাত অৰ্থ বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। আপোনাাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱন সংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি কিবা সমস্যাই আপোনাক গোটেই দিন অসুবিধা দিব পাৰে ।এই সমস্যা দুৰ কৰিবৰ বাবে ঘৰৰ মানুহৰ লগত কথা পাতক।
শুভ নম্বৰ :- 9
শুভ ৰং :- ৰঙা আৰু মেৰুণ
চিকিৎসা :- আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে ৰঙা জলকীয়া (সূৰ্যৰ কাৰক বস্তু ) আহাৰত বহুত প্ৰয়োগ কৰক।
কৰ্কট ৰাশি – শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব , আপোনাৰ প্ৰেমৰ আমেজ লওক। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। বিবাহ এক দৈৱিকীও আশীৰ্বাদ হয় আৰু আপুনি আজি এই কথাটো অনুভৱ কৰিব। আজি এনেেকুৱা এটা দিন যিদিনা ঘড়ীৰ কাইঁট ডাল বহুত লেহেমীয়া গতিত চলিব আৰু আপুনি গোটেই দিন বিচনাতে পৰি থাকিব ,কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতাও অনুভৱ কৰিব কাৰণ এই জিৰণী আপোনাৰ বাবে বহুত আৱশ্যকীয় আছিল।
শুভ নম্বৰ :- 3
শুভ ৰং :- কেশৰী আৰু হালধীয়া
চিকিৎসা :- প্ৰেমিক অথবা প্ৰেমিকাক লগ কৰাৰ আগত মিচৰি পানীৰ লগত মিহলি কৰি খাই যাওক , এনে কৰিলে আপোনাৰ প্ৰেমত মধুৰতা আহিব।
সিংহ ৰাশি – বহুত বেেছি চিন্তাই আপোনাক মানসিক ভাৱে কঙা কৰি তুলিব পাৰে।ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জৰুৰী নহ’লে ই আপোনাক মানসিক ভাৱে আৰু শাৰীৰিক্ভাৱে পংগু কৰি দিব পাৰে। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজঁ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব । বন্ধু নিঃসংগতা দূৰ কৰাৰ সকলোতকৈ ভাল মাধ্যমৰ এটা ,বন্ধুৰ লগত সময় অতিবাহিত কৰাটো আপোনাৰ আজিৰ দিনৰ সকলোতকৈ ভাল নিৱেশ হব ।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- বিধৱা মহিলাক সহায়ৰ হাত আগ-বঢ়ালে স্বাস্থ্য ভাল থাকিব।
কন্যা ৰাশি – যেতিয়া কিবা নিৰ্ণয় ল’বলৈ চেষ্টা কৰিব তেতিয়া আপুনি বেলেগৰ ভাৱনা সমূহত গুৰুত্ৱ দিয়া উচিত । আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে যাৰ বাবে আপুনি মানসিক ভাৱে হতাশ হৈ পৰিব পাৰে। পূৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। পৰিয়ালৰ সদস্যৰ ভাল উপদেশ আপোনাৰ মানসিক হতাশাক কাম কৰিব আৰু ই এক ঔষধৰ দৰে দ্ৰুত গতিত নিজৰ কাম কৰিব। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। এনেকুুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে। এই সপ্তাহত পৰিয়ালৰ লগত শ্বপিং কৰিব যোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰি পেলাব পাৰে।
শুভ নম্বৰ :- 9
শুভ ৰং :- ৰঙা আৰু মেৰুণ
চিকিৎসা :- সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে ক’লা কাজল কোনোবা এৰাবাৰীত মাটিৰ তলত পুতি থওঁক।
তুলা ৰাশি – সন্তান আপোনাৰ মতে নচলিব যাৰ বাবে আপুনি খঙাল হৈ যাব পাৰে। আপোনাক নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত,কাৰণ খঙ সকলোৰে বাবে হানিকাৰক আৰু ই বুজিবৰ ক্ষমতাক শেষ কৰি দিয়ে, অকল সমস্যা বাঢ়ি যায়। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টীত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিকপক্ষ শক্তিশালী থাকিব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। এইদিন টো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হব। গ্ৰহই আজি ধাৰ্মিক কাম -কাজ যেনে মন্দিৰত যোৱা ,দান-বৰঙনি আগ বঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব ।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- গোটা হালধি প্ৰবাহিত পানীত অৰ্পন কৰিলে শৰীৰ ভালে থাকিব।
বৃশ্চিক ৰাশি – স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তু সমূহ ব্যৱস্থিত ৰূপত ৰাখক। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱ সমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সূক দৰ্শকৰ দৰে বহি নথকা টোয়ে শ্ৰেয় হব । প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিব বাবে ভাল দিন । আজি আপোনাৰ জীৱন সংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হব। জীৱনৰ চিন্তাসমূহ দুৰ কৰিবলৈ আজি আপুনি মনোবৈজ্ঞানিক চিকিৎসকৰ কাষ চাপিব পাৰে।
শুভ নম্বৰ :- 4
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- ক’লা আৰু বগা তিল সম-পৰিমাণৰ লৈ ৰঙীণ কাপোৰত বান্ধি লৈ নিজৰ ওচৰত ৰাখিলে সুস্বাস্থ্য অটুট থাকিব।
ধনু ৰাশি -আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব । আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওতে তেখেতক ভাল ব্যৱহাৰ কৰক। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশাজনক হব পাৰে। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব,কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। আজি কিবা সমস্যাই আপোনাক গোটেই দিন অসুবিধা দিব পাৰে ।এই সমস্যা দুৰ কৰিবৰ বাবে ঘৰৰ মানুহৰ লগত কথা পাতক।
শুভ নম্বৰ :- 1
শুভ ৰং :- সুমথিৰা আৰু সোণালী
চিকিৎসা :- আধ্যাত্মিকভাৱে জীৱন যাপন কৰক।
মকৰ ৰাশি -অন্যৰ ইচ্চাৰ লগত আপোনাৰ ইচ্চা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ’ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। জীৱন্ত বাস্তৱৰ মুখামুখি হবলৈ হ’লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব । আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমাণ্টিক দিন ,কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হব পাৰে। বন্ধুৰ সহায় কৰি আজি আপুনি ভাল অনুভৱ কৰিব।
শুভ নম্বৰ :- 1
শুভ ৰং :- সুমথিৰা আৰু সোণালী
চিকিৎসা :- পক্ষীক সাত প্ৰকাৰৰ শস্য খুৱালে আপুনি ভাল স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰিব।
কুম্ভ ৰাশি -আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহবও পাৰে। জীৱন সংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহতঁৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ’ব যে আপুনি জীৱনৰ বহুত মুহুৰ্ত হেৰুৱাইছে সময়ৰ গতিত চলিব গৈ। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। মাজ ৰাতি নিজৰ স্মাৰ্ট ফোনত কথা পতা ভালেই যদি আপুনি মধ্যমীয়া স্তৰত পাতে , অৱশ্যে যিকোনো কাম অধিক কৰাটো লোকচানদায়ক ।
শুভ নম্বৰ :- 8
শুভ ৰং :- ক’লা আৰু নীলা
চিকিৎসা :- মানসিক হতাশাৰ পৰা মুক্ত হবলৈ মাতৃ আৰু শাহুআইৰ আশীৰ্বাদ লওক।
মীন ৰাশি – আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিৱাব নোৱাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। আপোনাৰ কোনোবা বন্ধুই আজি আপোনাৰ খুবেই প্ৰশংসা কৰিব পাৰে।
শুভ নম্বৰ :- 6
শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া
চিকিৎসা :- মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভাল থাকিব।