কামৰূপৰ ৰামদিয়াত ভয়ংকৰ ঘটনা
কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইপাত সাৰ্বজনীন শাৰদীয় দূৰ্গা পূজা কমিটিৰ বিষয়ববিয়া সকলে দূৰ্গা পূজাৰ নিমন্ত্ৰণ দিয়াৰ বাবে পূজা কমিটিৰ লোকসকলে এখন চাৰিচকীয়া বাহনত ৰামদিয়া বৰহাড়দিয়া অভিমুখে ৰাওনা হৈছিল
প্ৰচণ্ড গৰমৰ বাবে তেওঁলোকে গছৰ তলত জিৰণি লোৱাৰ বাবে বাহনখন ৰখাইছিল অভিযোগ অনুসৰি
বৰহাড়দিয়াৰ দুই নিচাসক্ত উদণ্ড যুৱক দীপ জ্যোতি পাটোৱাৰী আৰু সীদ্ধাৰ্থ কলিতাই বাহনখনৰ ওচৰলৈ আহি বয়োজেস্থ লোকসকলক গালিগালাজ কৰাৰ উপৰিও এজন ব্যক্তিক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ উপৰিও নগদ ধন আৰু বাহনখনৰ চাবি কাঢ়িলৈ যায় । তাৰোপৰি দূৰ্গা পূজাৰ নিমন্ত্ৰণী পত্ৰ সমুহো ভৰিৰে গছকি দিয়া বুলি জনায় অভিযোগ কাৰিয়ে । উক্ত ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হয় পূজা কমিটিৰ তৰফৰ পৰা।