চহৰীয়া গাওঁ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হুছেইন শ্বাহিদ চৰুৱাৰৰ বিদায় সম্ভাষণ

0

মৰিগাওঁ জিলাৰ চহৰীয়া গাওঁ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুছেইন শ্বাহিদ চৰুৱাৰ ছাৰক আজি অনানুষ্ঠানিক বাবে বিদায় সম্ভাষণ জনোৱা হয়।
শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক এক অতি মধুৰ সম্পৰ্ক । সেয়ে এগৰাকী শিক্ষকক শিক্ষাৰ্থীৰ বাবে বন্ধু, দাৰ্শনিক তথা পথ প্ৰদৰ্শক হিচাবে কোৱা হয় । আনহাতে, এনে একোজন শিক্ষক থাকে যাৰ সংস্পৰ্শ কোনো শিক্ষাৰ্থীয়ে পাহৰিব নোৱাৰে । তেওঁৰ ব্যক্তিত্ব আৰু শিক্ষাদান শৈলীত নিমজ্জিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল । তেনে শিক্ষকৰ বিদায় বেলাত বেদনা গধুৰ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ।আনহাতে, সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰতো দায়বদ্ধতা থাকে এগৰাকী শিক্ষকৰ । এগৰাকী শিক্ষকৰ জনপ্ৰিয়তাৰ মাপকাঠি সেয়া হয়তো পৰিমাপ হয় তেওঁৰ বিদায় পৰত । নিজৰ শিক্ষা জীৱনৰ সামৰণি মাৰি যেতিয়া এগৰাকী জনপ্ৰিয় শিক্ষকে শিক্ষানুষ্ঠানৰ পৰা বিদায় লয়, সেই মুহূৰ্তটো ছাত্ৰ-ছাত্ৰী তথা শিক্ষানুষ্ঠানখনৰ পৰিয়ালৰ বাবে অতি বেদনাদায়ক হৈ পৰে । তেনে এগৰাকী শিক্ষকৰ বিদায় পৰত মৰিগাওঁৰ এখন বিদ্যালয়ত সৃষ্টি হয় এক আবেগিক পৰিৱেশৰ।
লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানে জনোৱা মতে বিদ্যালয় খনত কলা শাখাৰ শিক্ষক পৰ্যাপ্ত পৰিমাণে নথকাত ছাত্ৰ ছাত্ৰীক পাঠদান কৰাত বহুত অসুবিধাৰ সম্মুখীন হব লগা হৈছে। ছাত্ৰ ছাত্ৰীৰ ভবিষ্যতৰ কথা চিন্তা কৰি অতি সোনকালে পৰ্যাপ্ত পৰিমাণে শিক্ষক নিয়োগৰ ব্যৱস্থা কৰি দিবলৈ মৰিগাঁও জিলা আয়ুক্তৰ লগতে মৰিগাঁও জিলা শিক্ষা বিষয়াকো কৰযোৰে অনুৰোধ জনাই।

Leave A Reply

Your email address will not be published.