জল জীৱন মিচনৰ লাখ লাখ টকা খৰচ কৰাৰ পিছত ও এটুকুনি খোৱা পানীৰ পৰা বঞ্চিত পানগ্ৰাম অঞ্চলৰ ৰাইজ।*
কাছাৰৰ উদৰবন্দ সমস্তিৰ অন্তৰ্গত পানগ্ৰাম প্ৰথম খন্ড অঞ্চলত জল জীৱন মিছন নতুনকৈ প্ৰকল্পৰ পাইপ থকাৰ পিছতো বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ গাঁওবাসীৰ
আজি ২৮ ছেপ্টেম্বৰত পানগ্ৰাম অঞ্চলৰ প্ৰায় এশজন পুৰুষ-মহিলা একত্ৰিত হৈ এক প্ৰতিবাদী সভা কৰে।
তেওঁ লোকে উদৰবন্দ সমষ্টিৰ বিধায়ক মাননীয় মিহিৰ কান্তি সোম আৰু কাছাৰ জিলা আয়ুক্ত ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰে।
আৰু স্থানীয় ভোক্তভোগি সকলে সংবাদ মাধ্যমৰ যোগেদি অতি সোনকালে বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ অনুৰোধ জনাইছে। আজি উপস্থিত স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, প্ৰায় দুবছৰ পূৰ্বে শিলচৰ সংমণ্ডলৰ চণ্ডীঘাট জল সৰবৰাহ কেন্দ্ৰ জীৱন মিছনৰ দ্বাৰা কেন্দ্ৰ সম্পূৰ্ণ হৈছিল ।
আনহাতে ঘৰ ঘৰটেপ লগোৱা হৈছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিলৈকে সেই টেপৰ জৰিয়তে পানী যোগান ধৰা হোৱা নাছিল ।
আজি তেওঁলোকে লোকে সংবাদ মাধ্যমৰ যোগেদি কয় যে উক্ত গাঁওখনৰ মানুহে চন্ডিঘাট বাগিচাৰ পৰা আৰু বৰষুণ দিলে খোৱাপানী সংগ্ৰহ কৰিবলৈ প্ৰায় এক কিলোমিটাৰ খোজ কাঢ়িবলগীয়া খোৱা পানী সংগ্ৰহ কৰিবলৈ হয়।
। অভিষিক্ত খোৱা পানী পান কৰি অঞ্চলটোৰ ৰাইজে বিভিন্ন ৰোগত ভুগিছে।
আজি
তেওঁলোকে সংবাদ মাধ্যমৰ যোগেদি কাছাৰ জিলা আয়ুক্ত আৰু স্থানীয় বিধায়কক দৃষ্টি আকৰ্ষণ কৰে।
আজিৰ সভাত উপস্থিত আছিল আলতাব হোছেইন লস্কৰ, আবুল হোছেইন চৌধুৰী, চেবুল উদ্দিন লস্কৰ, আলী হোছেইন লস্কৰ, চেলিম উদ্দিন, মোশ্বাৰফ আলী লস্কৰ, বৰা বেগম উপস্থিত থাকে।ৰূপনা বেগম লস্কৰ, আলমা বেগম লস্কৰ, মিনাৰা বেগম, আয়াৰুনেছা লস্কৰ, ৰছনা বেগম আৰু অন্যান্য বিষয়ববীয়া উপস্থিত আছিল।