বিহালীত উপ নিৰ্বাচনী ৰণডংকা বজালে সাংসদ গৌৰৱ গগৈয়ে ৷

0

বিহালীত উপ নিৰ্বাচনী ৰণডংকা বজালে সাংসদ গৌৰৱ গগৈয়ে ৷ প্ৰাক্তণ কংগ্ৰেছ সভাপতি ৰিপুন বৰাক লগত লৈ বিহালী সমষ্টি উদ্ধাৰত নামিল সাংসদ গৌৰৱ গগৈ ৷ আজি বিহালীত ৰোড শ্ব কৰি ১৫ খনকৈ পথ সভাত অংশ গ্ৰহন কৰে গৌৰৱ গগৈয়ে ৷ তিনি আলিয়ে তিনি আলিয়ে ৰৈ থকা ৰাইজে আদৰনী জনালে গৌৰৱ গগৈক ৷ পাভৈ বৰনামঘৰত সেৱা লৈ আৰম্ভ কৰা এই ৰোড শ্ব অন্ত পৰে বৰজাৰনীত ৷ গৌৰৱ গগৈৰ এই ৰোড শ্বত ৰাইজৰ বিপুল সহাৰি দেখিবলৈ পোৱা গ’ল বিহালীত। আনহাতে বিহালী উপ নিৰ্বাচনৰ তত্বৱধায়ক সাংসদ গৌৰৱ গগৈৰ চেমী কণ্ডাক্টৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ চেমী কণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন শুনি সাংবাদিকক ওভটি ধৰা পৰিলক্ষিত হয়৷ চেমী কণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত কৰ্ণাটক সন্দৰ্ভত কৰ্ণাটকক কিয় প্ৰকল্প অনুমোদন কিয় দিয়া নাই বুলি প্ৰশ্ন কৰে৷ কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ আছে বাবে চেমী কণ্ডাক্টৰ প্ৰকল্প অনুমোদন দিয়া নাই৷ দক্ষিণ ভাৰতৰ লগত বিজেপি দলৰ কিবা আপত্তি আছে কাৰণে এই আচৰণ কৰিছে৷ অসমৰ য”ত চেমী কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ কৰিছে তাত জাগিৰোড কাগজ কলৰ কৰ্মচাৰীয়ে চাকৰি কৰিবলৈ পাব নে নেপায়৷ জাগিৰোড কাগল কলৰ কৰ্মচাৰীৰ ওচৰত ক্ষমা বিচাৰক৷ কাছাৰ আৰু জাগিৰোড কাগজ কল বন্ধ কৰাৰ বাবে বিজেপি চৰকাৰে ক্ষমা বিচাৰক৷ অপপ্ৰচাৰ চলোৱা অহংকাৰী দাদাগিৰি কৰা বিজেপিক অহংকাৰী বিজেপিক বিদায় দিব৷ জাগিৰোডৰ কাগজ প্ৰকল্পটো পুনঃকাৰ্যক্ষম কৰক নহ’লে তাত কাম কৰা মানুহক চেমী কণ্ডাক্ট প্ৰকল্পত সংস্থাপিত কৰক বুলি দাবী জনায়৷বিজেপি দলৰ অপপ্ৰচাৰ – যোৱা কিছুদিনৰ পৰা এনেকুৱা এটা পৰিৱেশ বিজেপি চৰকাৰে বনাৱলৈ চেষ্টা কৰিছে যে ন্যায়ধীশ বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন পৰামৰ্শ ৰূপায়ন কৰিব ৷ ইয়াৰ পূৰ্বে মই কেতিয়াও দেখা নাই৷ এটা ৰাজ্য চৰকাৰে পালন কৰিব৷ এটা পৰামৰ্শ তিনিটা টুকুৰা কৰি পালন কৰিব৷ এটা টুকুৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ৰূপায়ন কৰিব এটা টুকুৰা ৰাজ্য চৰকাৰে কৰিব আনটো টুকুৰা কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব৷ যি ৰাজ্য চৰকাৰে কৰিব পাৰে৷ যি কামত কৰিৱলৈ কেন্দ্ৰীয় চৰকাৰে অনুমতি আৰু হস্তক্ষেপ নেলাগে সেই কাম কৰিবলৈ কিয় চাৰি বছৰ লাগিল ৷ আমি জনাত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিৱেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে নে? কেন্দ্ৰীয় চৰকাৰে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন স্বীকাৰেই নাই আনকি পঢ়াই নাই৷ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গঠিত বিপ্পৱ শৰ্মা প্ৰতিবেদন দাখিল কৰা চাৰি বছৰ হ’ল যোৱা চাৰি বছৰত কি কৰিলে ৷ যি দল সংগঠনে সমৰ্থন কৰিছে তেওঁলোকে বিপ্লৱ শৰ্মা প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে কেতিয়া গ্ৰহণ কৰিলে বা স্বীকাৰ কৰিছে সেই সম্পৰ্কে তথ্য ৰাজহুৱা কৰিৱলৈ দাবী কৰিছে৷

Leave A Reply

Your email address will not be published.