0

মেষ ৰাশি – খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। বিবাদ,মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাস টোক গুৰুত্ব নিদিব। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ’ব লগতে আনন্দৰে ভৰপূৰ হ’ব। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। জীৱন সংগীৰ লগত প্ৰেম, হাঁহি-ধেমালি ,আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰব।

শুভ নম্বৰ :- 5

শুভ ৰং :- সেউজীয়া আৰু ৰত্ন

চিকিৎসা :- সম্বৃদ্ধি শালী জীৱনৰ বাবে গাই গৰুক দানা খুৱাওক।

বৃষ ৰাশি – আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। সম্পত্তিৰ লগত জড়িত লেন দেন সম্পুৰ্ণ হব আৰু লাভান্বিত হব। এটা পাৰিবাৰিক ৰহস্যৰ ভেদ খোল খোৱা বাবে আপোনালোক আশ্চৰ্য হৈ যাব পাৰে। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হব পাৰে। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰয়োজনীয়তা সমূহ অৱহেলা কৰিব পাৰে , যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে।

শুভ নম্বৰ :- 4

শুভ ৰং :- মটীয়া আৰু ছাই ৰং

চিকিৎসা :- দুখীয়া আৰু প্ৰয়োজন থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ, নোট , স্কুলৰ ইউনিফৰ্ম আৰু লিখিবলৈ ব্যৱহৃত হোৱা সামগ্ৰী বিতৰণ কৰক ,এনেকুৱা কাৰ্যৰ ফলত আপোনাৰ বুধৰ ওপৰত ভাল প্ৰভাৱ পৰিব আৰু প্ৰেম জীৱনৰ বাধাসমূহ দূৰ হ’ব।

মিথুন ৰাশি – খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হব , আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হব। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হব। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হব, মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি লব। একান্তত থকা নিজৰ বাবে ভাল ,কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দুৰত থাকিলে আপুনি বেছি চিন্তিত হ’ব পাৰে। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব। কোনোবা অচিনাকী ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে,কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে।

শুভ নম্বৰ :- 2

শুভ ৰং :- ৰূপালী আৰু বগা

চিকিৎসা :- নীলা ৰংৰ কাপোৰত সাতটা মাটিমাহৰ দালি, সাতটা জালুক গুটি আৰু এটা কেঁচা কয়লা বান্ধি লৈ কোনোবা এৰাবাৰীত পুতি থ’লে আপোনাৰ আৰ্থিক অৱস্থাটো মনপুতভাৱে সফল হ’ব।

কৰ্কট ৰাশি -আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। দীৰ্ঘবধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহুৰ্ত অতিবাহিত কৰক। পৰিয়ালৰ সদস্য আপোনাক সকলো কথাতে সমৰ্থন কৰিব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। আপোনাৰ অনুভৱ হব যে আপোনাৰ পৰিয়ালৰ সহযোগ আছে বাবে আজি আপুনি অফিচত উন্নতি কৰিব পাৰিছে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন , একেলগে এক ধুনীয় সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক।

শুভ নম্বৰ :- 6

শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া

চিকিৎসা :- আৰ্থিক অৱস্থা সবল ৰাখিবৰ বাবে সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন থাক্ক আৰু নিতৌ স্নান কৰক।

সিংহ ৰাশি – মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। ভনীৰ বিয়াৰ খবৰ আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব,তথাপি তাৰ পৰা দূৰ হোৱাৰ খবৰে আপোনাক দুখী কৰি তুলিব পাৰে। কিন্তু আপোনাৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা বাদ দি বৰ্তমানৰ সম্পূৰ্ণ আনন্দ লওক। আপোনাৰ গিৰিয়েক অথবা ঘৈনীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপওনাৰ দিন অলপ সমস্যা জড়িত যাব পাৰে। কামৰ বাবে সমৰ্পিত প্ৰফেশ্বনাল ব্যক্তি পইচা-পাতি আৰু কেৰিয়াৰৰ দিশত লাভদায়ক স্থিতিত থাকইব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে।

শুভ নম্বৰ :- 4

শুভ ৰং :- মটীয়া আৰু ছাই ৰং

চিকিৎসা :- আপোনাৰ নিত্য নৈমিত্তিক ধৰ্মীয় কাজ কৰ্মত বগা চন্দন আৰু গোপীচন্দন ,সেন্দুৰৰ লগত ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক সম্পদৰ বৃদ্ধি হ’ব।

কন্যা ৰাশি – আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। পৰিয়ালৰ লগত সময় অতিবাহিত কৰি আপোনালোকৰ সম্বন্ধক নতুন জীৱন প্ৰদান কৰিব। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই ,এই কথাক বহুত গভীৰ ভাৱে আপুনি হৃদয়ংগম কৰিব। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক।

শুভ নম্বৰ :- 2

শুভ ৰং :- ৰূপালী আৰু বগা

চিকিৎসা :- যদি সম্ভৱপৰ হয় তেন্তে আহাৰ গ্ৰহণ কৰা সময়ত সোণৰ চামুচ ব্যৱহাৰ কৰক , এনে কৰিলে কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব।

তুলা ৰাশি -আজি আপোনাৰ আত্ম-বিশ্বাস আৰু উৰ্জাৰ স্তৰ বাঢ়িব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। আজি ৰোমাঞ্চৰ বাবে ভাল বতৰ নহয় কাৰণ আপোনাৰ প্ৰিয়জনৰ আজি অলপ অধিক আশাবাদী হোৱাৰ আশংকা আছে। আপোনাৰ বায়োডটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। পৰিয়ালৰ সদস্য সমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু দিনৰ অন্তত আপোনাৰ জীৱন সংগী আপোনাৰ এই সমস্যা সমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব।

শুভ নম্বৰ :- 5

শুভ ৰং :- সেউজীয়া আৰু ৰত্ন

চিকিৎসা :- ঘৰত সুখ শান্তি বজাই ৰাখিবৰ বাবে এটা ৰূপৰ ফুলদানি বগা ৰঙৰ ফুল সজাই থওক।

বৃশ্চিক ৰাশি – আজি আপুনি অলপ কামৰ পৰা অব্যাহতি লৈ আৰাম কৰক আৰু এনেকুৱা কাম কৰক যি কৰি আপুনি ভাল পায়। আজি কৰা আৰ্থিক নিৱেশ সমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ স্বীকাৰ হব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধুলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ’ব লগতে আনন্দৰে ভৰপূৰ হ’ব। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। বৈবাহিক জীৱনৰ বহুত ধৰণৰ লাভ থাকে আৰু আপুনি আজি সেই লাভ প্ৰাপ্ত কৰিব পাৰে।

শুভ নম্বৰ :- 7

শুভ ৰং :- মাখন আৰু বগা

চিকিৎসা :- কাঁহৰ কাঁহিত মূলা লৈ যিকোনো মন্দিৰ আৰু ভীক্ষাৰী দান দিয়ক , এনে কৰিলে পাৰিবাৰিক সুখ লাভ কৰিব।

ধনু ৰাশি -আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। ঘৰুৱা বিষয় সমূূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ।আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। অফিচত কোনোবাাই আপোনাৰ কামৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে ,সেইবাবে চকু খুলি ৰাখক আৰু সাৱধানে থাকক আৰু চাৰিওফালৰ সকলো গতিবিধিৰ পিনে সজাগ থাকক। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।

শুভ নম্বৰ :- 4

শুভ ৰং :- মটীয়া আৰু ছাই ৰং

চিকিৎসা :- বেটাৰীৰে চলা পুতলা আৰু খেলা-বস্তু দুখীয়া শিশুসমূহৰ মাজত বিতৰণ কৰক।

মকৰ ৰাশি – মাদক দ্ৰব্যৰ পৰা দূৰত থাকক,কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজি আপুনি প্ৰেম পূৰ্ণ মনোভাৱত থাকিব ,এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ’লে সেই ব্যক্তিৰ পৰামৰ্শ লওক যি আপোনাৰ বহুত ঘনিষ্ঠ। একান্তত থকা নিজৰ বাবে ভাল ,কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দুৰত থাকিলে আপুনি বেছি চিন্তিত হ’ব পাৰে। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল।

শুভ নম্বৰ :- 4

শুভ ৰং :- মটীয়া আৰু ছাই ৰং

চিকিৎসা :- ব্যৱসায়ত আৰু কেৰিয়াৰত দুৰ্গা দেৱীৰ চালিছা আৰু দুৰ্গা দেৱীৰ ভোজন পাঠ কৰক।

কুম্ভ ৰাশি -অবাঞ্চিত চিন্তা ধাৰা মগজুত চানি ধৰিব পাৰে ,নিজকে শাৰীৰিক ব্যায়ামৰ মজা লব দিয়ক কাৰণ খালী মগজু চয়তানৰ ঘৰ। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব ,প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমাণ্টিক জীৱনত পৰিৱৰ্তন আহিব। আপোনাৰ বছ অথবা বৰিষ্ঠ সকলক আজি ঘৰত আমন্ত্ৰিত কৰাৰ বাবে এটা শুভ দিন । আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। আপুনি অথবা আপোনাৰ জীৱন সংগী আজি বিচনাত দুখ পাব পাৰে সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত।

শুভ নম্বৰ :- 1

শুভ ৰং :- সুমথিৰা আৰু সোণালী

চিকিৎসা :- কৰ্মক্ষেত্ৰ ত সাফল্য অর্জন ৰ বাবে ঘৰ পৰা বাহিৰ ওলোৱাৰ সময়ত পানীত গুৰ মিহলাই লৈ খাব।

মীন ৰাশি – আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক ,যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেত বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব তেন্তে তেখেত সকল আপোনাক খঙ কৰিব পাৰে , সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰিব । যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে।

শুভ নম্বৰ :- 8

শুভ ৰং :- ক’লা আৰু নীলা

চিকিৎসা :- কৰ্ম জীৱনত ধনাত্মক চিন্তা ধাৰাৰ বৃদ্ধি ৰ বাবে ধূপকাঠী, কৰ্পূৰ, সুগন্ধি দ্ৰব্য আৰু সুগন্ধি কেণ্ডেল ৰ ব্যৱহাৰ কৰক।

Leave A Reply

Your email address will not be published.