ONGC (L)ৰ বিৰুদ্ধে এঘণ্টীয়া অৱস্থান ধৰ্মঘট ৮ টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ

0

শিৱসাগৰ নগৰৰ ড০ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ সন্মুখত ONGCয়ে বিদেশী প্ৰতিষ্ঠানক লাভজনক খনন ৰিগ্‌ ঠিকা ভিত্তিক ভাৱে গতাই দিয়াৰ কাৰ্য প্ৰত্যাহাৰৰ দাবীত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন

Story. দেশৰ নৱৰত্ন উদ্যোগ হিচাপে ONGCয়ে প্ৰায়ে থলুৱা বিৰোধী নীতি গ্ৰহণ কৰা পৰিপেক্ষিতত জাঙুৰ খাই উঠিছে জাতীয় জনগোষ্ঠীয় দল সংগঠন সমূহ | শিৱসাগৰ নগৰৰ ড০ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ সন্মুখত আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় | য’ত শিৱসাগৰৰ ৮ টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনে সহযোগ আগবঢ়াই ONGC (L)ৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰা পৰিলক্ষিত হয় | এই ক্ষেত্ৰত ONGCয়ে বিদেশী প্ৰতিষ্ঠানক লাভজনক খনন ৰিগ্‌ ঠিকা ভিত্তিক ভাৱে গতাই দিয়াৰ কাৰ্য প্ৰত্যাহাৰৰ দাবীত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমে সংগ্ৰামী সেনা অসম, আক্ৰাছু, সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থা, সদৌ চুতীয়া জাতি সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ একাধিক কৰ্মী তথা নেতাই | আনহাতে সংগ্ৰামী সেনা অসমৰ নেতা পংকজ খাউণ্ডে সংবাদ-মাধ্যমৰ জড়িয়তে নিগমে লোৱা নীতিক বিৰোধীতা কৰি এই নীতি শ্ৰীঘ্ৰে প্ৰত্যাহ্বাৰৰ দাবী জনাই | নহলে অনাগত সময়ত ONGC (L)ৰ বিৰুদ্ধে জাতীয় জনগোষ্ঠীয় দল সংগঠন সমূহ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আৰ্থিক লোকচানৰ সন্মুখীন কৰাব | যাৰ বাবে এই ৮ টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠন কোনো কাৰণতেই জগৰীয়া নহ’ব বুলি নিগমক হুংকাৰ প্ৰদান কৰে নেতা গৰাকীয়ে |

Leave A Reply

Your email address will not be published.