আঠ দিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে তৈল নগৰী ডিগবৈত ৰাষ্ট্ৰীয় গ্ৰন্থমেলা আয়োজন।
চলিত বৰ্ষৰ ২০২৪ চনৰ ডিচেম্বৰ মাহৰ ১ তাৰিখৰ পৰা ৮ তাৰিখ লৈকে ডিগবৈত সামাজিক, সাংস্কৃতিক, শিক্ষা আৰু ক্ৰীড়া উন্নয়নৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস ৰ উদ্যোগত সদৌ অসম পুথি বিক্ৰেতা আৰু প্ৰকাশন সংস্থাৰ সহযোগত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা আয়োজন কৰিছে । আঠোটা দিনতেই গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠান, কবি সমাৰোহ, আলোচনা চক্ৰ, গ্ৰন্থ উন্মোচনী, সাংস্কৃতিক অনুষ্ঠান, এলানি প্ৰতিযোগিতা, বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান, বিশেষ কৃতজ্ঞতা অনুষ্ঠান ইত্যাদি বৰ্ণাঢ়্য কাৰ্যসূচীৰে গ্ৰন্থ মেলাৰ বাকৰি জীপাল কৰি ৰখাৰ এক পৰিকল্পনা কৰিছে গ্ৰন্থমেলা আয়োজক সমিতিয়ে। ইতিমধ্যে গ্ৰন্থমেলা প্ৰস্তুতিৰ বাবে ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক কমল বসুমতাৰীক সভাপতি, ৰমনি বুঢ়াগোহাঁইক কাৰ্যকৰী সভাপতি , মনোৰঞ্জন দাসক সাধাৰণ সম্পাদক, বুবু গগৈ, উৎপল গগৈক যুটীয়া সম্পাদক আৰু বিজয় সুত্ৰধৰক কোষাধ্যক্ষ ৰূপে লৈ ডিগবৈ ৰাষ্ট্ৰীয় গ্ৰন্থমেলা ২০২৪ ৰ এখনি শক্তিশালী আয়োজক সমিতি গঠন কৰে। আগন্তুক দিনত সকলোৰে সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।