নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ কৰ্মী সভাত অংশগ্রহণ কৰে তৃণমূল কংগ্রেছৰ নেত্ৰী
আজি নগাঁও জিলা সাহিত্য সভাকক্ষত তৃণমূল কংগ্রেছৰ এখনি কৰ্মী সভা অনুষ্ঠিত হৈ যায়। উক্ত কৰ্মী সভাত সৰ্বভাৰতীয় তৃণমূল কংগ্রেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ উপস্থিত থাকে। নগাঁও জিলা তৃণমূল কংগ্রেছৰ জিলা সভাপতি ময়ুৰ মজুমদাৰ, প্ৰশাসনিক সম্পাদক অধিবক্তা নজৰুল ইছলাম, সাংগঠনিক সম্পাদক ৱাকিবুৰ ৰহমান, সাধাৰণ সম্পাদক আজাহাৰ উদ্দিনকে প্ৰমুখ্যে কৰি আঞ্চলিক , ব্লকৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে। যিহেতু চামগুৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন সমাগত, হঠাৎ সৰ্বভাৰতীয় তৃণমূল কংগ্রেছৰ নেত্ৰী সুস্মিতা দেৱ নগাঁৱৰ উপস্থিত হোৱাত বিৰোধী দলৰ মাজত খলখনিৰ সৃষ্টি কৰিছে। প্ৰশ্নৰ আৱৰ্তত যে অসম তৃণমূল কংগ্রেছে নগাঁৱৰ কি ভূমূকি মাৰিব নেকি? চামগুৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত তৃণমূল কংগ্রেছৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নেকি? সকলো যো – জাঁৰ মাজতেই শাসক বিৰোধীৰ মাজত চলিছে ৰাজনৈতিক শংখা। ইয়াৰ মাজতেই ভাষাক লৈ বহুতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তৃণমূল কংগ্রেছৰ নেত্ৰী তথা সাংসদ সুস্মিতা দেৱে। কামৰূপ জিলাৰ জিলা আয়ুক্তই পূজা কমিটিক বঙালী ভাষা লিখাৰ পৰিবৰ্তে অসমীয়া ভাষা লিখিবলৈ কোৱাৰ বাবেই ক্ষোভ উজাৰিছে সাংসদ সুস্মিতা দেৱে। হিমন্ত চৰকাৰক তুলা- ধূনা এইবাৰ তৃণমূল কংগ্রেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ। লগতে স্মাৰ্ট মিটাৰক লৈয়ো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ সুস্মিতা দেৱে। ২০০ ইউনিট বিদ্যুতৰ বিল ৰেহাই কৰি দিবলৈ আহব্বান জনায় নেত্ৰী সুস্মিতা দেৱে।অসমৰ ৬ নং দফাকলৈয়ো মন্তব্য আগবঢ়াই তৃণমূল কংগ্রেছৰ নেত্ৰী সুস্মিতা দেৱে।