নগাঁৱত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত সচেতন নাগৰিক মঞ্চৰ চিন্তন সভা
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সম্পৰ্কত সচেতন নাগৰিক মঞ্চ নগাঁৱতে দেওবাৰে নগাঁও জিলা পেঞ্চনাৰ ভৱনত এক চিন্তন সভা অনুষ্ঠিত কৰে। য’ত উপস্থিত থাকে নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত শিক্ষাবিদ, বুদ্ধিজীৱি, আইণঙ্গ, চিকিৎসক আৰু সমাজৱেক সকল। উক্ত চিন্তন সভাত সমাজত বৰ্তমানৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হব নোৱাৰে তাৰ উপৰত ব্যৱস্থা গ্ৰহন কৰাৰ লগতে সমাজত সকলো জাতী জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। সভাতেই মুছলমান অধ্যুষিত অঞ্চলসমূহত সামাজিক ব্যাধি ড্ৰাগছ, বাল্য বিবাহ, জনসংখ্যা ৰোধ, শিক্ষাৰ হাৰ বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহন কৰা হয়। সভাত পাক্তন বিধায়ক আব্দুল আজিজ, মুজিবুৰ ৰহমান, অবসৰপ্ৰাপ্ত ন্যায়াধীশ জালাল উদ্দিন, নগাঁৱৰ জেষ্ঠ চিকিৎসক ক্ৰমে ছফিকুল ইছলাম, নজৰুল হক, ৰিয়াজ উদ্দিনৰ লগতে বহু গন্য মান্য ব্যক্তি উপস্থিত