বোকাজানৰ ৰানচিগাওঁত উদযাপন কৰা হয় কৰম পূজা
অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়।ভাদ,আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়।কৰবাত যদি তিনিদিন,কৰবাত পাঁচ দিন আৰু কৰোবাত সাত দিন ধৰি পালন কৰা পৰিলক্ষিত হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বোকাজান ৰানচি গাওঁ প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত অতি উলহ মালহৰে উদযাপন কৰা হয় ৩১ সংখ্যক কৰম পূজা।বোকাজান আঞ্চলিক কুদুক সংঘৰ সৌজন্যত আৰু ৰানচি গাওঁ কুদুক সংঘৰ লগত কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত প্ৰায় দহ বাৰখন গাওঁ একত্ৰিত হৈ আঞ্চলিক ভিত্তিত আয়োজন কৰে ৩১সংখ্যক কৰম উৎসৱ। কৰম পূজা লগত সংগতি ৰাখি সম্পূৰ্ণ ৰীতি নীতিৰে গাঁওৰ কুমাৰী কণ্যা সকলৰ দ্বাৰা কৰম ডাল আনি আখৰাত প্ৰতিষ্ঠা কৰাৰ পাছত পূজা পাতল আৰম্ভ কৰে।পৰৱৰ্তী সময়ত মাদলৰ তালে তালে স্থানীয় মহিলা সকলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়