গণতন্ত্ৰৰ চতুৰ্থস্তম্ভত খলকনি

0

ছচিয়েল মিডিয়াত এতিয়া দৈনিক ঘটিছে নতুন সংযোজন ৱেব পৰ্টেলৰ | ধন ঘটনা আহিলা হৈ পৰিছে নেকি ছচিয়েল মিডিয়াৰ এই সমূহ প্লেটফৰ্ম | সংযোগ হৈছে ন ন সংবাদকৰ্মীৰ | পৰিচয় পাইছে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভৰ | এতিয়া মূল বিষয়লৈ আহিছো, যোৱা ২৫ ছেপ্তেম্বৰত বিহুবৰ আৰক্ষী থানা অন্তৰ্গত এজন ব্যক্তিৰ পৰিত্যক্ত শৌচাগাৰত উদ্ধাৰ হৈছিল বিস্ফোৰক সামগ্ৰী | এই ঘটনাৰ পিছতেই আৰক্ষীয়ে বুবুল নামৰ এজন ব্যক্তিক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে | জানিব পৰা মতে বুবুলৰ স্বীকাৰোক্তিত যোৱা দুটা দিনৰ আগত বিহুবৰৰ পৰা দুটাকৈ ৱেব পৰ্টেলত কৰ্মৰত জাকিৰ হুছেইন নামৰ যুৱক জনক বিহুবৰ আৰক্ষী থানাৰ গোচৰ নং ১৫/২০২৪ ইউ /এছ – ৬১ ( ২) ২১৭ / ২৮৮ বি এন এছ, ২০২৩ আৰ /ডব্লিউ ৪( বি), ৫( এ) দণ্ডবিধি আইনৰ অধীনত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে | এতিয়া প্ৰশ্ন হৈছে? কাৰ স্বত্ত চায়াত এই অপৰাধীটোৱে নিজকে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ ৱেব পৰ্টেলৰ সাংবাদিক বুলি চিনাকী দি স্থানীয় অঞ্চলত ত্ৰাস সৃষ্টি কৰি সাংবাদিকৰ পৰিচয় পত্ৰ লাভ কৰিছিল | অপৰাধত সাঙুৰ খোৱা এই দুটা ৱেব পৰ্টেলৰ গৰাকীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’বনে? যি অপৰাধ সংঘটিত কৰাত গণতন্ত্ৰ চতুৰ্থস্তম্ভৰ নাম লৈ দীৰ্ঘদিনে আৰক্ষীৰ চকুত ধূলি দি আহিছিল | সি এতিয়া ৰাইজ আৰু সচেতন মহলৰ বাবে লক্ষণীয় হ’ব |

Leave A Reply

Your email address will not be published.