আজি আনুষ্ঠানিকভাবে অসম জাতীয় পৰিষদত যোগদান কৰে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে
আজি আনুষ্ঠানিকভাবে অসম জাতীয় পৰিষদত যোগদান কৰে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ।
বোকাখাত বিধানসভা সমষ্টিৰ দুবাৰকৈ বিধায়ক জীতেন গগৈৰ লগতে বোকাখাত নিৰ্মান গোটৰ বহু সদস্য আৰু সমৰ্থক চামিল হ’ল জাতীয় পৰিষদত ।
বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত যোগদান সভাত অসম জাতীয় পৰিষদ (‘অজাপ’ )ৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, কেন্দ্ৰীয় সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী, ৰাজু ফুকনকে ধৰি অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত জিতেন গগৈয়ে যোগদান কৰাৰ লগতে বোকাখাত নিৰ্মাণ গোটক অজাপত চামিল কৰে ।
উল্লেখ্য যে, আগন্তুক ২০২৬ ৰ নিৰ্বাচনত বোকাখাত বিধানসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি লুৰিণজ্যোতি গগৈয়ে ।