বিটিছিত কংগ্ৰেছ আৰু বিপিএফৰ কাম নাই বুলি মন্তব্য পাৰিষদ সজল সিংহৰ
বিটিছিত কংগ্ৰেছ আৰু বিপিএফৰ কাম নাই বুলি মন্তব্য পাৰিষদ সজল সিংহৰ ।
সমাগত ২০২৫ চনৰ বিটিছিৰ পৰিসদীয় নিৰ্বাচনৰ দিন যিমানেই চমু চাপি সিমানেই বৃদ্ধি হব ধৰিছে ৰানৈতিক কুচ কাওৱাজ । নিজৰ নিজৰ দলীয় স্থিতি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে বিৰোধী দলৰ লগতে নেতা সকলোক সমালোচনা কৰা । ঠিক তেনেদৰে আজি বিটিছিৰ শ্ৰীৰামপুৰ সমষ্টিৰ পাৰিষদ সজল সিংহই কংগ্ৰেছ আৰু বিপিএফ দলক কটাক্ষ কৰি কয় যে বিটিছিত এই দুই দলৰ কোনো কাম নাই । কাৰন কংগ্ৰেছ আৰু বিপিএফৰ শাসন কালত বিটিছি অঞ্চলত গোষ্ঠী হলগত সংঘৰ্ষৰ সৃষ্টি হৈছিল ।কিন্তু বিজেপি আৰু ইউপিপিএলৰ শাসনকালত শান্তি প্ৰতিষ্ঠা হৈছে বুলি কোৱাৰ লগতে গন সুৰক্ষা পাৰ্টি চমুকৈ জিএছপিৰ সভাপতি তথা কোকৰাঝাৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ নব কুমাৰ শৰনীয়া ফৰটুৱেন্টি (৪২০ ) নেতা বুলি মন্তব্য কৰে ।