শাৰদীয় দূৰ্গা পূজাৰ প্ৰাকক্ষণত কৃষ্ণমণিৰ মুখত পূজাৰ গান
শাৰদীয় দূৰ্গা পূজাৰ প্ৰাকক্ষণত কৃষ্ণমণিৰ মুখত পূজাৰ গান পূজাৰ বতৰত নিজৰ পৰিকল্পনাৰ কথাও ক’লে কণ্ঠশিল্পী গৰাকীয়েকৃষ্ণমনিয়ে ক’লে ন’ কমেণ্টবৃহস্পতিবাৰে নগাঁৱৰ খুটিকটীয়াত মুকলি কৰা হ’ল চলিচ য়ানমাৰ ট্ৰেক্টৰৰ এটা ডিলাৰ মুকলি কৰা হয় ৷ অত্যাধুনিক সুবিধাৰে সুসজ্জিত তথা শক্তিশালী ইঞ্জিনযুক্ত এই ট্ৰেক্টৰৰ ডিলাৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে অসমৰ স্বানামধন্য কণ্ঠশিল্পী কৃষ্ণমনি নাথে ৷ লগতে উপস্থিত থাকে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ পায়েং আৰু নগাঁৱৰ বিশিষ্ট সমাজসেৱক দেৱেন্দৰ সিং। এই উদ্বোধনী অনুষ্ঠানতে সংবাদমাধ্যমৰে হোৱা মুখামুখিত নিজ কণ্ঠৰে পূজাৰ গান নিগৰালে কৃষ্ণমনি নাথে ৷ লগতে শিহতীয়াকৈ ভ্ৰাম্যমাণ থিয়েটাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ ক্ষেত্ৰত অতি কৌশলৰে ন’ কমেণ্ট বুলি কৈ ফালৰি কাটে শিল্পী গৰাকীয়ে ৷ একেটা অনুষ্ঠানতে অধ্যক্ষ ড° সদানন্দ পায়েঙেও সংবাদ মাধ্যমৰে মত বিনিময় কৰে ।