শিৱসাগৰত গৰু চুৰৰ চাঞ্চল্যকৰ কাণ্ড
ৰাজ্যজুৰি এতিয়া গৰু চুৰৰ আতংক | লগতে এই গৰু সমূহ বাংলাদেশ আৰু নগালেণ্ডলৈ দৈনিক সৰবৰাহ হৈ আহিছে | জয়সাগৰস্থ আমগুৰি ঘাটৰ দিখৌ দলঙৰ সংযোগী পথত বাহন চুৰি গৰু কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্থ | দুৰ্ঘটনাগ্ৰস্থ বাহনখনে মহতীয়াই নিলে ব্যৱসায়ীক প্ৰতিস্থান | ঘটনাস্থলীৰ পৰা পলায়ন তিনি গভাইত গৰু চুৰ | যোৱা নিশা আমগুৰি ঘাটৰ দিখৌ দলঙৰ সমীপত সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ | দুৰ্ঘটনাগ্ৰস্থ গাড়ী এৰি পলায়ন কৰা গৰু চুৰক বিচাৰি স্থানীয় ৰাইজে দীৰ্ঘসময় ধৰি চলালে অভিযান | প্ৰাপ্ত তথ্য আৰু ৰাইজৰ অভিযোগ অনুসৰি ক্ষুব্ধ ৰাইজে ভাঙি চুন্ন বিচ্যুন্ন কৰে গৰু চুৰৰ এ এছ ০৬ বি ৯৮৯৮ নম্বৰৰ ভূৱা নম্বৰপ্লেট লগোৱা ইণ্ডিকা বাহনখন | দুৰ্ঘটনাৰ পিছতেই পুৰণি দিখৌ দলঙৰ কপিকল সংযোগী লোৰ বাকচত সোমাই আত্মগোপন কৰি আছিল গৰু চুৰ কেইটা | ৰাইজে দলংখন ঘেৰি ধৰাত ভৰ নিশা দলঙৰ পৰা দিখৌৰ বুকুত জপিয়াই দিয়ে গৰু চুৰে | ৰাইজে দিখৌ নদীৰ পাৰে পাৰে খেদি খেদি এটা গৰু চুৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে | আন দুটা পলাই যাবলৈ সক্ষম হয় | ৰাইজে কৰায়ত্ব কৰা চুৰটোৰ নাম বিকাশ বুলি জানিব পৰা গৈছে | আন দুটা গৰু চুৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে | তাৰে এটা শিৱসাগৰৰ দিচাং দলঙৰ সমীপৰ চাকিল বুলি আটকাধীন বিকাশে সাংবাদিকক জানিব দিয়ে | এইদৰে এতিয়া আৰক্ষীৰ নাকৰ তলতে শিৱসাগৰত গৰু চুৰৰ দপদপনি অব্যাহত আছে |