হাউলী আৰক্ষীৰ বৃহৎ সফলতা
বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। এইবাৰ হাউলী আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ চিলনী চোৰ। ধৃত চিলনী চোৰ তিনিটা বৰপেটা ৰোড থানাৰ অন্তৰ্গত কাটাঝাৰ পাথাৰ গাঁৱৰ চহিদুল ইছলাম, ইনচান আলী আৰু জাকিৰ আলী। যোৱা ২৯ ছেপ্টেম্বৰত এগৰাকী মহিলাৰ ডিঙিৰ পৰা ছিঙি লৈ গৈছিল সোণৰ চেইন।স্বামীৰ স’তে মহিলাগৰাকীয়ে বৰপেটাৰ পৰা সৰভোগলৈ গৈ থকা অৱস্থাত হাউলীৰ বগাজান পাৰৰ জামতলত তিনি দুৰ্বৃত্তই মহিলাগৰাকীক আক্ৰমণ কৰি ডিঙিৰ পৰা ছিঙি লৈ গৈছিল সোণৰ চেইন। উক্ত ঘটনাটোত মহিলাগৰাকী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল। সম্প্ৰতি মহিলাগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে। দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰিবলৈ হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত চলিছিল তীব্ৰ অভিযান। বৃহস্পতিবাৰে গোপন খবৰৰ ভিত্তিত বৰপেটা ৰোডৰ কাটাঝাৰ পাথাৰৰ চহিদুল ইছলামৰ ঘৰৰ পৰা আৰক্ষীয়ে চুৰি হোৱা সোণৰ গহনা আৰু এখন বাইক জব্দ কৰাৰ লগতে দুৰ্বৃত্ত তিনিটাক আটক কৰে। জব্দ কৰা বাইকখনৰ নম্বৰ AS-15 X -1835.বাইকখনেৰে ধৃত চোৰ তিনিটাই আহি সংঘটিত কৰিছিল চুৰি কাৰ্য।