ড্ৰাগছৰ কবলত পৰি সকলো হেৰুৱাই অৱশেষত নিজৰ ঘৰতে জুই লগালে এজন যুৱকে
ড্ৰাগছৰ কবলত পৰি সকলো হেৰুৱাই অৱশেষত নিজৰ ঘৰতে জুই লগালে এজন যুৱকে। যুৱকজনৰ নাম ৰফিকুল ইছলাম ওৰফে টেম্পো। ঘৰ মৈৰাবাৰী হাইস্কুল তিনি আলিৰ ওচৰত। ড্ৰাগছ সেৱন কৰিব নাপাই অতিষ্ট হৈ যোৱা নিশা নিজ ঘৰতে অগ্নি সংযোগ কৰিছিল ৰফিকুল ওৰফে টেম্পুৱে। তাৰ পিছৰে পৰা পলায়ন কৰি আছিল ৰফিকুল। আজি সন্ধিয়া ঘৰলৈ অহাত স্থানীয় ৰাইজে কৰায়ত্ব কৰি নিচা মুক্তি কেন্দ্ৰত চমজাই দিয়ে ড্ৰাগছ আসক্ত যুৱকজনক।