পৰকীয়া প্ৰেমত মচগুল হৈ ৫ বছৰীয়া পুত্ৰ সন্তানসহ স্বামীক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিলে মহিলাই ।

0

পৰকীয়া প্ৰেমত মচগুল হৈ ৫ বছৰীয়া পুত্ৰ সন্তানসহ স্বামীক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিলে মহিলাই । কাটিং শিকিবলৈ যোৱা মাতৃ ক স্বামী আৰু পুত্ৰই ঘৰলৈ আহিবলৈ কাতৰ অনুৰোধ।এতিয়া পৰিয়ালটিত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে ।অভিযোগ অনুসৰি নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰ্নি গাঁওৰ নজৰুল আলী নামৰ ব্যক্তিজনৰ পত্নীয়ে যোৱা ১৮ চেপ্তেম্বৰত পৰকীয়া প্ৰেমিকৰ সৈতে পলায়ন কৰে । মহিলা গৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া অনুসৰি, ইনষ্টাগামত দিয়া ফোন নম্বৰ পাই বৰমা থানাৰ অন্তৰ্গত মাধপুৰ নিবাসী আবজল আলীৰ পুত্ৰ ইবদুল আলী নামৰ যুৱকজনে বিগত তিনি মাহ ধৰি বেলশৰ থানাৰ অন্তৰ্গত বৰক্ষেত্ৰী বৰ্ণি
নিবাসী নজৰুল আলীৰ পত্নী ৰেচমিনা চুলতানা(২৫)ৰ সৈতেসৈতে গোপনীয়ভাৱে বাৰ্তালাভ কৰি আহিছিল। উক্ত কথা স্বামীয়ে গম পোৱা নাছিল,যদিও মহিলাগৰাকীয়ে এই ইবদুল আলী নামৰ যুৱকজনৰ প্ৰলোভনত পৰি পলাই যোৱাৰ সন্দেহ কৰিছে স্বামীয়ে। উল্লেখ্য যে ইতিমধ্যেই উক্ত ঘটনাৰ সন্দৰ্ভত বেলশৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পলৰীয়া মহিলাগৰাকীৰ স্বামীয়ে। ইফালে মহিলাগৰাকীৰ আত্মীয়ই ফোন কৰি জানিব পাৰিছে যে,ৰেচমিনাই উক্ত যুৱকজনৰ সৈতে কোনোৱা অজ্ঞাত স্থানত গৈ আত্মগোপন কৰি থকাৰ কথা সন্দেহ কৰিছে ।
পৰিয়াল তথা স্থানীয়লোকে উক্ত ঘটনাক সহজভাৱে লোৱা নাই, কাৰণ মহিলাগৰাকী এক নাৰী সৰবৰাহকাৰী প্ৰলোভনৰ জালত পৰাৰ সন্দেহ ব্যক্ত কৰিছে। আৰক্ষী তথা প্ৰশাসনক এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি এই মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপৰাধীক উচিতশাস্তি প্ৰদানৰ দাবী জনাইছে। ইয়াৰোপৰি মহিলা গৰাকীৰ কোনোবাই সম্ভেদ পালে তলত উল্লেখ কৰা পৰিয়ালৰ ক্ৰমে ৯৩৬৫২৭৯৯৩৩,৯৭০৭২৭২৭৮৭ মোবাইল ফোন নম্বৰত যোগাযোগ কৰে যেন।

Leave A Reply

Your email address will not be published.