অনলাইন মাৰ্কেটিঙে কোঙা কৰিছে বোকাজানৰ ব্যৱসায়ী সকলক
পূজাৰ বতৰত ব্যৱসায়ী সকলে গ্ৰাহকৰ মন পচন্দৰ লাখ লাখ টকা ৰ বিভিন্ন ধৰণৰ সামগ্ৰী,কাপোৰ আদি মজুত কৰি ৰাখিছে যদিও দিনৰ বাৰ এক বজালৈ বহনী কৰিব পৰা নাই ব্যৱসায়ী সকলে।পূৰ্বৰ তুলনাত কাপোৰ জোতা আৰু অন্যান্য দোকান সমূহত বিক্ৰী কেইবাগুণে হ্ৰাস পাইছে বুলি জানিবলৈ দিছে ব্যৱসায়ী সকলে। বোকাজানত পূজাৰ বজাৰ আজিৰ পৰা দুই তিনি বছৰ আগতে বিভিন্ন ঠাইৰ মানুহৰ গীজ গিজাই আছিল,কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে।ইয়াৰ মূলতঃ অনলাইন মাৰ্কেটিং আৰু শ্বপিং মল সমূহৰ বাবেই সাধাৰণ দোকান সমূহলৈ গ্ৰাহক নহা হৈছে বুলি জানিবলৈ দিছে ব্যৱসায়ী সকলে। এনেদৰে চলি থাকিলে আৰু দুই-তিনি বছৰৰ পাছত ক্ষুদ্ৰ ব্যৱসায়ী সকল পথৰ ভীক্ষাৰী হব লাগিব বুলি উল্লেখ কৰে,আৰু কৃষক সকলৰ দৰে আত্মহত্যা পথ বাছি লব বুলি ক্ষোভ প্ৰকাশ কৰে।nসংবাদমাধ্যমৰ যোগেদি চৰকাৰলৈ আহ্বান জনায় যে,তেওঁলোকৰ দুখ বুজি চৰকাৰে সু ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।