ঐতিহ্যমণ্ডিত নাজিৰা নাট্য মন্দিৰৰ স্থায়ী তোৰণৰ শুভ উদ্বোধন
১৯১৮ চনত স্থাপিত হোৱা ঐতিহ্যমণ্ডিত নাজিৰা নাট্য মন্দিৰৰ স্থায়ী তোৰণ খনি আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে গুৱাহাটীস্থ অসম সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সংগীত সাধক – বিশিষ্ট শিল্পী বিদ্যুৎ মিশ্ৰই । ইয়াৰ পিছতে নাজিৰা নাট্য মন্দিৰত অনুষ্ঠিত হোৱা শুভ উদ্বোধনী সভাত সভাপতিত্ব কৰে নাজিৰা নাট্য সমিতিৰ সভাপতি গোবিন্দ প্ৰসাদ ৰামে । নাট্য সমিতিৰ সাধাৰণ সম্পাদক ধীৰু ভূঞাই আতঁধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰণি ভাষণ আগবঢ়াই প্ৰয়াত টংকেশ্বৰ ( টুনী ) শইকীয়াৰ সহধৰ্মিনী কবি – গীতিকাৰ ঊষা শইকীয়াই নাজিৰাত সংগীত আৰু শাস্ত্ৰীয় সংগীত প্ৰসাৰ আৰু উত্তৰণৰ ক্ষেত্ৰত টংকেশ্বৰ শইকীয়াৰ অৱদান আলোকপাত কৰে । ঊষা শইকীয়াৰ ৰচিত সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাৰ প্ৰাকমূহুত্বত প্ৰয়াত টংকেশ্বৰ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাপণ আৰু বন্তি প্ৰজ্বলন কৰে তেখেতৰ অন্যতম সহপাঠী খগেশ্বৰী শইকীয়া সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ ফুকনে । সভাত ” ঐনিতম ” গীতৰ স্ৰষ্টা , অনাতাঁৰ শিল্পী অৱন্তী পামেগাম চেতিয়াই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰয়াত টংকেশ্বৰ শইকীয়াৰ জীৱন সাধনাৰ বহুল দিশ আলোকপাত কৰি বক্তব্য দাঙি ধৰে । সভাত নাজিৰা – শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষা ডঃ অজয় লাল বৰুৱা,অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূৱন চন্দ্ৰ মহন্ত আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত টংকেশ্বৰ শইকীয়াৰ কৰ্মৰাজী সোৱঁৰণ কৰে । প্ৰয়াত টংকেশ্বৰ শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ পলাশ পৱন শইকীয়াই শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ যৱনিকা পেলায় ।