কচুৱাত সৰ্প দংশন কৰা গৰ্ভৱতী মহিলাক সুস্থ কৰি তুলিলে কচুৱা মডেল হাস্পতালৰ চিকিৎসকে ৷
নগাঁও জিলাৰ বৃহত্তৰ কচুৱাবাসীৰ বাবে এটি ভাল খবৰ ৷ সাঁপে খুঁটিলে ওঁজা বা বেজ বিচাৰি হাবাথুৰি খোৱাৰ আৰু প্ৰয়োজন নাই ৷ কচুৱা মডেল হাস্পতালতেই সম্পূৰ্ণ আৰোগ্য কৰি তুলিব পাৰে তেনে ৰোগী ৷ বৃহস্পতি বাৰে কচুৱাৰ পমিলা জাৰনীৰ এগৰাকী গৰ্ভৱতী মহিলাক দংশন কৰিছিল সাপে ৷ সাপে দংশন কৰাৰ অলপ পিছতেই মহিলা গৰাকীক কচুৱা মডেল হাস্পতালত ভৰ্তি কৰে ৷ হস্পিটালখনৰ ডাক্তৰ আব্দুল কায়ুম, ডাক্তৰ উজমা তবাচুম,ডাক্তৰ বদৰুল ইছলাম আৰু ডাক্তৰ ইকবাল ৱাদুদে তৎক্ষণাত যাবতীয় পৰীক্ষা নিৰীক্ষা কৰি মহিলা গৰাকীক সম্পূৰ্ণ সুস্থ কৰি তোলাত ৰোগীৰ পৰিয়ালৰ লগতে ৰাইজেও চিকিৎসক সকলক ধন্যবাদ দিয়ে৷ বিশেষকৈ কচুৱা মডেল হাস্পতালত সৰ্প দংশন ৰোগীক আৰোগ্য কৰিব পৰা খবৰে উৎফুল্লিত কৰি তুলিছে কচুৱাবাসীক।