ধুবুৰীৰ নালিয়াৰ আৰক্ষীৰ জালত ৫ টাকৈ গৰু সহ দুগৰাকী গৰু সৰবৰাহকাৰী ৷
ধুবুৰীৰ নালিয়াৰ আৰক্ষীৰ জালত ৫ টাকৈ গৰু সহ দুগৰাকী গৰু সৰবৰাহকাৰী ৷ ৫ টাকৈ চোৰাং গৰু সহ দুজন মষ্ট ৱাণ্টেড দুৰ্ধৰ্ষ গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হল ধুবুৰী জিলাৰ গোলকগঞ্জৰ নালিয়া আৰক্ষী।আটকাধীন মষ্ট ৱাণ্টেড দুৰ্ধৰ্ষ সৰবৰাহকাৰী দুজন হৈছে গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলদেশ সীমান্তৰ বেৰভাঙী প্ৰথম খণ্ডৰ জানিফ হক আৰু আলম হক।দুয়োজনে দীৰ্ঘ দিনৰ পৰাই বাংলদেশলৈ গৰু সৰবৰাহৰ সৈতে জড়িত হৈ আছিল।দয়োৰে বিৰুদ্ধে ভাৰত বাংলাদেশ সীমান্তৰ কাইটিয়া তাৰ কটি গৰু পাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।উল্লেখ্য যে এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ থানাৰ নালিয়া আৰক্ষী নিৰীক্ষন চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিভাস লাল সিনহাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে কালি নিশা বেৰভাঙী প্ৰথম খণ্ডত চলাইছিল অভিযান।অভিযানত ৫ টাকৈ চোৰাং গৰু সহ দুজন মষ্ট ৱাণ্টেড দুৰ্ধৰ্ষ গৰু সৰবৰাহকাৰী জানিফ হক আৰু আলম হকক আটক কৰিবলৈ সক্ষম হয়।