মধ্য কামৰূপ মহাবিদ্যালয়ত নিযুত মইনা আঁচনিৰ চেক বিতৰণ

0

অসম চৰকাৰৰ অভিলাসী আঁচনি নিজুত মইনা আঁচনিৰ অধীনত বৰপেটা জিলা প্ৰশাসনৰ সহযোগত চেঙা সমষ্টিৰ মধ্য কামৰূপ মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে ছাত্ৰ ছাত্ৰী সকলক আজি চেক বিতৰণ কৰা হৈছে ।
মাহেকীয়া আৰ্থিক সাহায্য আঁচনিৰ আজি প্ৰথম বেচৰ ৫১০ গৰাকী ছাত্ৰ ছাত্ৰীক চেক প্ৰদান কৰা হয়।

অনুষ্ঠানটিত অসম পেট্ৰকেমিকেলৰ স্বতন্ত্ৰ সঞ্চালক জিতু তালুকদাৰ মুখ্য অতিথি হিচাপে উলস্থিত থাকি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰে।
নোৱেম্বৰ পৰা এই ধন পোনপটীয়াকৈ নিযুত মইনা হিতাধিকাৰী একাউণ্টলৈ স্থনান্তৰ কৰা হব।

এই আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলে ৰাজ্যত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত উপকৃত হোৱাৰ লগতে বাল্য বিবাহৰ ৰোধ হব বুলি মন্তব্য প্ৰদান কৰিছে ।

মধ্য কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলি ভাষণ প্ৰদান কৰাৰ লগতে অনুষ্ঠানটিত উপস্থিত থাকে , চেঙা ৰাজহ চক্ৰ বিষয়া চন্দন কলিতা , মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ গপেচ শৰ্মা, অতিৰিক্ত উপায়ুক্ত মৌচমী চেতিয়া, সহকাৰী অতিৰিক্ত আয়ুক্ত লতা ডেকা ৰাজা লগতে অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীৰ লগতে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.