স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰথমবাৰৰ বাবে হাফলং চহৰখন সম্পূৰ্ণ প্লাষ্টিকমুক্ত কৰাৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে
স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰথমবাৰৰ বাবে হাফলং চহৰখন সম্পূৰ্ণ প্লাষ্টিকমুক্ত কৰাৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে হাফলং পৌৰ ব’ৰ্ডে। আৰু এই প্লাষ্টিক মুক্ত কৰাৰ নতুন পদক্ষেপ হ’ল হাফলঙৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা সকলো ধৰণৰ প্লাষ্টিক সামগ্ৰী গোটাই হাফলং পৌৰসভা ব’ৰ্ডলৈ অনা সকলক এক কিলো প্লাষ্টিক সামগ্ৰীৰ সলনি এক কিলো চাউল দিয়া হ’ব। ইফালে আজি হাফলং পৌৰ ব’ৰ্ডৰ অধ্যক্ষৰ উপস্থিতিত হাফলং পৌৰ ব’ৰ্ডৰ কাৰ্যালয় চৌহদত এই অভিযানৰ প্ৰৱৰ্তন কৰা হয়। আজি এই অভিযানৰ শুভাৰম্ভৰ বাবে প্ৰথম বাৰৰ বাবে হাফলং হেভেন ব্লু ক্লাবৰ সদস্যসকলে বিভিন্ন নাগৰিকৰ লগতে হাফলঙত ১০০ কেজি প্লাষ্টিক সামগ্ৰী জমা কৰে। হাফলঙৰ পৌৰসভাৰ ব’ৰ্ডৰ অধ্যক্ষ ৰিপা হোজাইয়ে কয় যে হাফলঙৰ পৰা প্ৰশান্ত ভট্টাচাৰ্যৰ প্ৰতিবেদন নিৰ্মূলৰ বাবে হাফলঙৰ নাগৰিকে এনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যথেষ্ট উৎসাহ যোগাব