বিশ্বনাথত নিযুত মইনা আচঁনিৰ শুভাৰম্ভ

0

বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে অসম চৰকাৰে গ্রহণ কৰা এক শক্তিশালী পদক্ষেপ নিযুত মইনা আঁচনিৰ অধীনত বিশ্বনাথ জিলাতো আর্থিক অনুদান প্রদান কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।

ইতিমধ্যে বিশ্বনাথ বিধানসভা সমষ্টিৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনৰ শিক্ষা বিভাগ ফালৰপৰা বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত , এই বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে। অসম চৰকাৰে গ্রহণ কৰা এক শক্তিশালী পদক্ষেপ নিযুত মইনা আঁচনিৰ অনুষ্ঠাৰ শুভাতমৰম্ভ কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।

আনহাতে কেন্দ্ৰীয় ভাৱে কামপুৰত অনুষ্ঠিত হোৱা বিশাল সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰী সকলৰ উদ্দেশ্যি ভাৰ্ছোৱেলি ভাষণ শেষ কৰা লগে লগে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অতিৰিক্ত আয়ুক্ত শিক্ষা বিভাগৰ হ্ৰদয় কুমাৰ দাস, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মাই আনুষ্ঠানিক ভাৱে ৫ গৰাকী ছাত্ৰীক নিযুত মইনা* আঁচনিৰ আৰ্থিক সাহায্য প্ৰদান কৰে। উল্লেখ্য যে বিশ্বন বিধানসভা সমষ্টিৰ বিভিন্ন মহাবিদ্যালয়ৰ ৭৩১ গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা* আঁচনি লাভ কৰে।

Leave A Reply

Your email address will not be published.