মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰালে মানকাচৰৰ বিভিন্ন অঞ্চল কেইবাখনো ৰাজহ গাওঁ এতিয়া পানীৰ তলত।

0

মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰালে মানকাচৰৰ বিভিন্ন অঞ্চল কেইবাখনো ৰাজহ গাওঁ এতিয়া পানীৰ তলত। গাঁও কেইখন হৈছে পানকাটা, টেপৰপাৰা, কুমাৰগাতী, কালাপানী, কাজিপুৰ বিন্নাচাটা, বেঙেৰভীটা, চিৰাখোৱা, মহিশঘুমা বাঘাপাৰাকে ধৰি কেইবাখনো গাওঁ জলমগ্ন।বিশেষকৈ কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত আজি পুৱাৰ ভাগত গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বাঘাপাৰাৰ পৰা চিৰাখোৱা হৈ কালাপানী সংযোগী এটা পথ ভাঙি যোৱা পৰিলক্ষিত হৈছে। ফলত কেইবাখনো গাওঁৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অহা যোৱা বাবে বহুতো সমস্যাত ভূগিব লগা হৈছে।লগতে মানকাচৰ ৰ জাংগালত শিশু সংহত উন্নয়ন প্ৰকল্পৰ কাৰ্য্যালয়ত ভিতৰত পানী সোমোৱাৰ ফলত অফিচৰ কৰ্মচাৰীৰ বহুত অসুবিধাৰ সন্মুখীন হব লগা হৈছে।লগতে জলমগ্ন হোৱাৰ বাবে মৎস্যজীবীৰ পালকৰ লগতে কৃষকৰ বহুতো ক্ষতি হৈছে।

Leave A Reply

Your email address will not be published.