আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ধুবুৰী বি এন কলেজ (অটনমাছ) ছাত্ৰ একতা সভাৰ নিৰ্বাচন

0

আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ধুবুৰী বি এন কলেজ (অটনমাছ) ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল ঘোষণাঃNSUI য়ে খালে মুখ থেকেঁচাঃ (এবিভিপি)অখিল ভাৰতীয় বিদ্যিৰ্থী পৰিষদৰ ঐতিহাসিক বিজয় ৷

ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত) ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ ঐতিহাসিক বিজয়।

নিৰ্বাচনী ফলাফলত সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদককে ধৰি মুঠ ৭টা পদত বিজয়ী হৈছে ছাত্ৰ সংগঠনটোৱে।

উল্লেখ্য যে, দিনটো নানা ঘটনা-পৰিঘটনাৰ মাজেৰে হোৱা ভোটগণনাৰ অন্তত কালি সন্ধিয়া মহাবিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিক ভাবে ভোটগণনাৰ ফলাফল প্ৰকাশ কৰে।

উক্ত ফলাফল অনুসৰি, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক (জি এচ)ৰ পদত এবিভিপিৰ প্ৰাৰ্থী বিবেক প্ৰসাদ বিজয়ী হোৱাৰ বিপৰীতে এবিভিপিৰেই কৌশিক প্ৰসাদ বীণে সহকাৰী সাধাৰণ সম্পাদক (এজিএছ) পদত বিজয় লাভ কৰে।

উল্লেখ্য যে, ভোলানাথ মহাবিদ্যালয় ছাত্র একতা সভাৰ নিৰ্বাচন ২০২৪-২৫ ত এবিভিপিৰ যাদৱ কুণ্ডুই বিতৰ্ক আৰু সাংস্কৃতিক সম্পাদকৰ পদত পূৰ্বেই বিনা প্রতিদ্বন্দ্বিতাত বিজয়ী হৈছিল।

বিজয় সাব্যস্ত কৰাৰ পিছত এ বি ভি পি য়ে বিজয় মিছিল উলিয়াই বিজয় উল্লাস সাব্যস্ত কৰে ।

দিনৰ ভাগৰ পৰা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকা নিৰ্বাচনৰ ভোট গণনাত কেইবাজনো ছাত্ৰ আহত হয় আৰু সন্ধিয়া পাৰলৈ এক উত্তেজনাময় পৰিস্থিতিৰ মাজতো কলেজ কতৃপক্ষই ফলাফল ঘোষণা কৰে।

ফলাফল ঘোষণা হোৱাৰ পিছতো কিছুসময় শিক্ষক সকলক এখন ৰুমত আবদ্ধ কৰি ৰাখি প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.