কাৰ্বি আংলং বিজেপিৰ জ্যেষ্ঠ নেতা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে’ৰ দেহাৱসান।
কাৰ্বি আংলং বিজেপিৰ জ্যেষ্ঠ নেতা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে’ৰ দেহাৱসান।
বিগত কিছুদিন ধৰি হৃদ ৰোগত আক্ৰান্ত হৈ বাংগালুৰুৰ নাৰায়াণা হস্পিতালত চিকিৎসাধীন হৈ আছিল দে’।
তেওঁৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল বাংগালুৰুত।
তেওঁ ২০১৭ ৰ পৰা ২০২১ লৈ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মনোনীত সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০২১ চনত হাওৰাঘাট সমষ্টিৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ নিৰ্বাচিত হৈছিল দে’।
কাৰ্বি আংলঙত বিজেপি দলৰ উত্থানত প্ৰভূত বৰঙণি আছিল দে’ৰ।
তেওঁ পত্নী আৰু দুগৰাকী জীয়াৰী ইহ সংসাৰত এৰি গৈছে।
জনপ্ৰিয় সমাজসেৱকগৰাকীৰ মৃত্যুত শোকস্তব্ধ কাৰ্বি আংলং।