নগাওঁ ৰনথলীত আইফেল টাৱাৰৰ আৰ্হিত নিৰ্মিত পূজা মণ্ডপ।

0

এতিয়া শৰতৰ বতৰ।শৰতে আনে পূজাৰ বতৰা।ৰাজ্যত চলিছে দূৰ্গা পূজা উদযাপনৰ ব্যাপক প্ৰস্ততি।সকলোতে সুন্দৰ ভাবে সজাই তোলা হৈছে পূজা মণ্ডপ সমূহ।ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে নগাওঁ ৰনথলীত অৱস্থিত অসমীয়া কেচাঁ সোণৰ গহনা প্ৰতিস্থান “ডুগডুগী” পূজা মণ্ডপত দেখা গল দূৰ্গা পূজা উদযাপনৰ ব্যাপক প্ৰস্ততি।নৱম বৰ্ষত ভৰি দিয়া এই পূজা ভাগৰ মণ্ডপৰ বিশেষ আকৰ্ষন পেৰিছৰ আইফেল টাৱাৰৰ আৰ্হিত ৭০ ফুট উচ্চতাৰ মণ্ডপ।মণ্ডপৰ ভিতৰচৰাত পেৰিচ অলিম্পিক ২০২৪ ৰ দৃশ্যাংশ প্ৰতিফলিত হব।পূজাৰ প্ৰতিমা নিৰ্মাণৰ কাম বৰ্তমান পূৰ্ন গতিত চলি আছে।উল্লেখ্য যে পূজাৰ প্ৰতিমা অসমীয়া আ-অলংকাৰেৰে সজ্জিত কৰাৰ ব্যবস্থা কৰা হব বুলি জানিবলৈ দিয়ে ডুগডুগীৰ স্বত্বাধিকাৰ উৎপল বনীয়াই।পূূজাৰ দিনকেইটাত সন্ধিয়া নামতী দলৰ নাম পৰিবেশন,সাংস্কৃতিক অনুস্থানৰ ওপৰিও কেলিগোপাল নাট পৰিবেশন কৰা হব বুলি আয়োজক সমিটিয়ে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.