আজি সামৰণি পৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।
আজি সামৰণি পৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।সামৰণি দিনা পুৱা ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰাত হৰি নামৰ ৰসেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত সমগ্ৰ নাজিৰা সমজিলা ।দুদিনীয়াকৈ শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি সামৰণি পৰিব ।জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্য, সাংস্কৃতিক, আধ্যাত্মিক আৰু বৈষ্ণৱ ধৰ্ম দৰ্শনৰ ভেটিত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰৰ পৰা শিৱসাগৰৰ ঐতিহাসিক গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছে ।সংঘৰ নাজিৰা জিলা শাখাৰ আতিথ্যত উদযাপিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ আজি সামৰণি পৰিব।সামৰণি দিনা পুৱাই ধৰ্মধ্বজা উত্তোলনৰ পিছতে ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা হৰি নামৰ ৰসেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰে সমগ্ৰ নাজিৰা সমজিলা ।গুৰুজনাৰ অনুপম সৃষ্টিৰাজী,জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ এক সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ’ল এইভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰাত।