বোকাখাত বিহৰাৰ মিকিৰচাংৰ হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে এইবাৰ হাতে কামে লাগিল সামাজিক সংগঠন
বোকাখাত বিহৰাৰ মিকিৰচাংৰ হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে এইবাৰ হাতে কামে লাগিল সামাজিক সংগঠন বোকাখাতৰ ফেচেংবৰ হেৰিটেজ ।
কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী অনুষ্ঠান দ্যা কৰবেট ফাউণ্ডেচনৰ সহযোগ আৰু পৃষ্ঠপোষকতাত অত্যাধুনিক টৰ্চ লাইট বিতৰণ কৰি হাতী খেদাৰ ব্যৱস্থা হাতত লৈছে ফেচেংবৰ হেৰিটেজে ।
দ্যা কৰবেট ফাউণ্ডেচন দেশৰ এক আগশাৰীৰ বে-চৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ প্ৰাকৃতিক সমস্যা সমূহ নিৰ্মূলৰ বাবে কাজিৰঙাত কেইবি দশক ধৰি কাম কৰি আছে সংগঠনটোৱে ।
আজিৰ পৰা প্ৰায় ডেৰ মাহ পূৰ্বে হাতীৰ আক্ৰমণত একাধিক লোকৰ মৃত্যু হোৱা বিহৰাৰ মিকিৰচাং , পাহাৰ লাইন, প্ৰজাবস্তি, চাৰি নম্বৰ লাইন, বৰমহৰী পথাৰ আদি গাঁও সমূহৰ হাতী মানুহৰ সংঘাত তথা সহৱস্থান আধুনিক পদ্ধতিৰে মোকাবিলা কৰাৰ প্ৰচেষ্টা হাতত লৈছে বোকাখাতৰ এই দুই সংগঠনে । উল্লেখ্য যে, টৰ্চ লাইটৰ পোহৰত কাজিৰঙাৰ বনৰীয়া হাতী জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পথিয়াবলৈ সক্ষম হৈছে দ্যা খৰবৈট ফাউণ্ডেচন । সেয়েহে ফেচেংবৰ হেৰিটেজৰ আহ্বানত কাজিৰঙাৰ কৰবেট ফাউণ্ডেচনে অত্যাধুনিক প্ৰযুক্তিৰ টৰ্চ সমূহ বিতৰণ কৰি গাঁওবাসীক সাহস দিয়াৰ প্ৰচেষ্টা হাতত লয় ।