মৈৰাবাৰীত উলহ মালহেৰে দুৰ্গা পূজাৰ আয়োজন
মৈৰাবাৰীত উলহ মালহেৰে দুৰ্গা পূজাৰ আয়োজন। পূজা মণ্ডপৰ পৰা অসমবাসীক শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান হিন্দু সম্প্ৰদায়ী লোকৰ।
সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ মৈৰাবাৰীতো চলিছে দেৱী দূৰ্গাৰ পূজা অৰ্চনা । শাৰদীয় দুৰ্গা পূজাৰ সময়ত মৈৰাবাৰীৰ সাৰ্বজনীন কালীবাৰী আৰু ৰেলৱে ষ্টেচন পূজা মণ্ডপত দেৱী দূর্গাৰ ভক্ত সকলৰ ভিৰ।
আজি মহা সপ্তমী আৰু মহাসপ্তমীৰ দিনা মৈৰাবাৰী কালিবাৰীত এনেদৰে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে উখল-মালহেৰে আয়োজন কৰিছে দুৰ্গা পূজাৰ।
আজি সপ্তমীৰ দিনা সন্ধিয়া অঞ্চলটোৰ ভক্তপ্ৰান ৰাইজে সৰ্বজনীন কালীবাৰী মন্দিৰ প্ৰাংগনত আয়োজন কৰে সাংস্কৃতিক অনুষ্ঠানৰ। কণ কণ শিশু সকলে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু নৃত্য প্ৰতিযোগিতাত পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰে আয়োজক সমিতিয়ে। আনহাতে মৈৰাবাৰীত এনেদৰে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে একত্ৰিতে পূজা উদযাপন কৰাৰ লগতে অসমবাহীক শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে।