ডিগবৈ আই অ চি দেৱী ঘাটত সম্পন্ন কৰা হল প্ৰতিমা বিসৰ্জন

0

যোৱাকালি ডিগবৈত শান্তিপূৰ্ণ ভাবে সম্পন্ন হল বিজয়া দশমীৰ লগতে ৰাৱন দাহ পৰ্ব। ডিগবৈ আই অ চি দেৱী ঘাটত সম্পন্ন কৰা হল প্ৰতিমা বিসৰ্জন। ডিগবৈ আৰক্ষী, IOCL, ডিগবৈ নগৰ সমিতি আৰু ডিগবৈ অসামৰিক চিকিৎসালয়ে পূজা বিসৰ্জনৰ বাবে লৈছিল বিশেষ তৎপৰতা। ঢাক-ঢোল, ভক্তি গীতেৰে মুখৰিত হৈ পৰিল ডিগবৈৰ ৰাজপথ।স্বতস্ফূৰ্ত ভাৱে ভক্তপ্ৰাণ ৰাইজে বিদায় দিলে শক্তিৰ আৰাধ্য দেৱী দূৰ্গাৰ প্ৰতিমাক। প্ৰতিকূল বতৰকো নেওচি ওলাই আহিল কেইবা সহস্ৰাধিক জনগণ। নিশা ৯ বজাত সমাপ্ত পৰিল বিসৰ্জন পৰ্ব। প্ৰতিমা বিসৰ্জন উপলক্ষে লোকে- লোকাৰা‌ণ্য হৈ পৰা পৰিলক্ষিত হল দেৱী বিসৰ্জন স্থলীৰ চৌপাৰ।

Leave A Reply

Your email address will not be published.