ইটাভাটালৈ কামত যোৱা শ্ৰমিকক উভতাই পঠালে ঘৰত।
ইটাভাটালৈ কামত যোৱা শ্ৰমিকক উভতাই পঠালে ঘৰত।
যমুনামুখত আজি দিনৰ ভাগত এখন আল্ট্ৰা বাছেৰে ইটাভাটালৈ কামৰ বাবে গৈ আছিল এটা পুৰুষ মহিলা থকা শ্ৰমিকৰ দল।
এই শ্ৰমিকৰ দলটোৰ ভিতৰত আছিল কণ কণ শিশু। পিতৃ-মাতৃৰ লগত ইটাভাটালৈ যোৱা এই সকল শিশুৰ ভৱিষ্যতৰ প্ৰ্তি লক্ষ্য ৰাখি যমুনামুখৰ একাংশ সচেতন লোকে বাছখন ৰখাই পুণৰ ঘৰলৈ উভতাই পঠায়।
কামপুৰৰ চিমলাইপথাৰৰ পৰা জখলাবন্ধা অভিমুখে ইটাভাটাত কাম কৰিবলৈ গৈ আছিল বাছখন।
বাছখনত শ্ৰমিক সকলৰ লগতে বহুকেইজন কিশোৰ-কিশোৰী আছিল। বিদ্যালয়ত যোৱাৰ পৰিবৰ্ত্তে পিতৃ মাতৃৰ ইটাভাটাত কামত গৈ আছিল ।
একাংশ শিক্ষকৰ লগতে যমুনামুখৰ একাংশ সচেতন নাগৰিকৰ দৃষ্টিগোচৰ হয় বিষয়টো। লগে লগে বাছখন আবদ্ধ কৰি শিশুসকল যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে পুণৰ ঘৰলৈ উভতাই পঠাই শ্ৰমিকসকলক।