এনকাউন্টাৰ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল |
শিৱসাগৰত ONGC বিষয়াৰ ঘৰত আৰক্ষীৰ অভিযান আৰু বকতাত এনকাউন্টাৰ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল |
জিলা আৰক্ষী অধীক্ষক শুভজ্যোতি বৰাৰ এই সংবাদমেল সম্বোধন |
শিৱসাগৰত ONGC বিষয়া অপহৰণৰ ভয়ংকৰ ব্লুপ্ৰিন্ট |
এই তথ্য সদৰি কৰিছে শিৱসাগৰৰ আৰক্ষী অধীক্ষকে সংবাদমেল যোগে |
২০২৪ চনৰ মে মাহৰ পৰাই অপহৰণৰ পৰিকল্পনা আলফা স্বাধীনৰ |
খোদ ONGCৰ বিষয়াৰ জৰিয়তেই অপহৰণৰ অপচেষ্টা |
ONGC বিষয়া তাহিৰুল হুছেইন জড়িত এই সমগ্ৰ পৰিকল্পনাত |
আৰক্ষীৰ অভিযানত আটক সমগ্ৰ পৰিকল্পনাৰ আঁৰৰ ব্যক্তি |
আৰক্ষীৰ জিম্মাত ঈৰচাদ লটিফ ওৰফে মিঠু আৰু ছালফা ৰাহুল হাজৰিকা ওৰফে লাডেন |
উল্লেখ্য যে মঙ্গলবাৰে পুৱাৰে পৰা শিৱসাগৰ আৰক্ষীয়ে অভিযান চলায় তাহিৰুল হুছেইন আৰু ইৰচাদ লটিফৰ বাসগৃহত |
অভিযানকালত আৰক্ষীয়ে জব্দ কৰে বহু আপত্তিজনক সা-সামগ্ৰী |
এই সন্দৰ্ভত সমগ্ৰ ঘটনা সদৰি কৰিলে শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই |
আৰক্ষীয়ে আটক কৰা ইৰচাদ, লটিফক সোধপোচৰ অন্তত পোহৰলৈ আহে সমগ্ৰ পৰিকল্পনাৰ কথা |
৬ অক্টোবৰ তাৰিখে বকতাত থকা ONGCৰ এটা ৰিগৰ পৰা সন্ধিয়া ৫:৩০ৰ পৰা ৬:৩০ বজাৰ ভিতৰত তাত কৰ্মৰত দুই বা ততোধিক উচ্চপদস্থ ONGCৰ বিষয়াক অপহৰণৰ পৰিকল্পনা কৰিছিল ৰাহুল হাজৰিকা ওৰফে লাডেন, তাহিৰুল হুছেইন আৰু ইতিমধ্যে আটকাধীন হৈ থকা ইৰচাদ লটিফে।|
একেটা ৰিগতে এচিষ্টেন্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল তাহিৰুল হুছেইনে |
ৰিগটোত কৰ্মৰত সকলো উচ্চপদস্থ বিষয়াৰ তথ্যপাতি যোগান ধৰিছিল তাহিৰুল হুছেইনে |
আনহাতে এই সমগ্ৰ অপহৰণ সংঘটিত কৰিবৰ কাৰণে ৫ তাৰিখেই তাহিৰুলৰ ঘৰত বাহৰ পাতিছিল ছালফা লাডেনে |
আৰু ৬ তাৰিখে পুৱা এখন ইনভা গাড়ীৰে তিনিও চৰাইদেউৰৰ সমীপৰ অসম নগালেণ্ড সীমান্তৰ পৰা চাৰিজন আলফা কেডাৰক গাড়ীত উঠাই আহি দিনৰ ভাগত ঘূৰি ফুৰিছিল শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত |
সন্ধিয়া নিদিষ্ট সময়ত অপহৰণৰ পৰিকল্পনা কৰি হৈছিল যদিও এই পৰিকল্পনা বিফল হয় |
সমগ্ৰ ঘটনাৰ পম খেদি আৰক্ষীয়ে ছালফা ৰাহুল হাজৰিকাক মৰাণৰ পৰা পুৱতি নিশা আটক কৰে |
আৰু বকতাৰ নেমুগুৰিৰ নিদিষ্ট ৰিগলৈ অনুসন্ধানৰ বাবে লৈ যোৱা অৱস্থাত এনকাউন্টাৰ কৰে |
ভৰিত আঘাতপ্ৰাপ্ত হোৱা লাডেনক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড় মেডিকেল কলেজলৈ |
ইফালে ONGCৰ বিষয়া তাহিৰুল হুছেইন বৰ্তমানেও পলাতক |
আৰক্ষীয়ে তাহিৰুলক বিচাৰি অব্যাহত ৰাখিছে অভিযান |
সমগ্ৰ ঘটনা সন্দৰ্ভত নেমুগুৰি আৰক্ষী থানাত 11/2024 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে |