0

ধুবুৰীত মহিলা দালালৰ দপদপনিঃ POCSO গোচৰৰ আচামীক জামিনৰ নামত আৰক্ষী আৰু অধিবক্তাৰ নামলৈ ধন সংগ্ৰহঃএই অভিযোগ ভুক্তভোগীৰ আপোনাৰ যদি পৰিয়ালৰ কোনো ব্যক্তি জেল হাজোতত আছে তেন্তে মহিলা দালালৰ পৰা সাৱধান হওঁক নোহলে লুঠি লৱ আপোনাৰ পৰা লাখ —লাখ টকা এইবাৰ তেনে ঘটনা সংগঠিত হোৱাৰ অভিযোগ আহি পৰিছে আমাৰ হাতত ধুবুৰীৰ পৰা ধুুবুৰীৰ কোন এই মহিলা দালাল পূৰ্নিমা কৰ্মকাৰ যিয়ে বিভিন্ন থানাই— থানাই ঘুৰি আৰক্ষীৰ নামত সংগ্ৰহ কৰে ধন মহিলাৰ নামত কলংক পূৰ্নিমা কৰ্মকাৰে POCSO গোচৰৰ আচামীক জামিন দিয়াৰ নামত আৰক্ষী আৰু অধিবক্তাৰ নামত ভুক্তভোগীৰ পৰা ললে ১ লাখ ২০ হেজাৰ টকা।গোলকগঞ্জ আৰক্ষী মেনেজ কৰাৰ নামত ৫০ হেজাৰ আৰু অধিবক্তাৰ নামত ললে ৭০ হেজাৰ টকা ললে এই গৰাকী ধুৰন্ধৰ পূৰ্নিমা কৰ্মকাৰে ৷নিজ ছোৱালীৰ ফোন পে যোগে ৯০ হেজাৰ টকা আৰু কেছ ৩০ হেজাৰ টকা লোৱাৰ অভিযোগ ।সমগ্ৰ ঘটনা সন্দৰ্ভত পূৰ্ণিমা কৰ্মকাৰৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী অধিক্ষকক লিখিত অভিযোগ দাখিল ভুক্তভোগীৰ ।SPCA’ৰ সভানেত্ৰী বুলি পৰিচয় দি টকা সংগ্ৰহৰ অভিযোগ।সমগ্ৰ ঘটনা সন্দৰ্ভত ধুুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।ধুবুৰী জিলা SPCA ‘ ৰ সভানেত্ৰী পূৰ্ণিমা কৰ্মকাৰৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ উত্থাপণ কৰিছে এইবাৰ দক্ষিণ গেৰামাৰী গাওঁ পঞ্চায়তক ঝালেৰ আলগা গাওঁৰ ছানোৱাৰ আলী নামৰ এগৰাকী ভুক্তভোগীয়ে।ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত কৈমাৰী পঞ্চম খণ্ড গাওঁৰ স্বৰ্গীয় ইছাহক আলীৰ পুত্ৰ লাপু সেখৰ নামত একে গাওঁৰে আন এটা পক্ষই গোলকগঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দিয়ে।এজাহাৰ নং -১৫২/২০২৪। উক্ত এজাহাৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে আচামী লাপু সেখক গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰে।আচামী লাপু সেখৰ কেচ নিষ্পত্তি কৰণ আৰু জামিন কৰি দিয়াৰ কাৰণে ঝালেৰ আলগা গাওঁৰিকট আজাদ আলী খান নামৰ দালাল ৰূপী এজন ব্যক্তিয়ে ভুক্তভোগীক পূৰ্ণিমা কৰ্মকাৰ নামৰ আন এগৰাকী মহিলা দালালৰ লগত বহাই দিয়ে।পূৰ্ণিমা কৰ্মকাৰে নিজকে SPCA ধুবুৰী জিলাৰ সভানেত্ৰী বুলি পৰিচয় দি কয় যে মোৰ লগত পুলিচৰ ভাল সম্পৰ্ক। ধুবুৰীৰ SP মোৰ কথা শুনে।মই তোমাৰ কেচ নিষ্পত্তি আৰু জামিন কৰি দিম।তাৰ বিনিময়ত মোক ১,৫০,০০০.০০(এক লাখ পঞ্চাশ হাজাৰ) টকা দিব লাগিব।পিছত ভুক্তভোগী ছানোৱাৰ আলীয়ে পূৰ্ণিমাৰ ছোৱালীৰ ফোন পে একাউণ্ট যোগে ৯০,০০০.০ হাজাৰ আৰু নগদ ৩০,০০০.০০ হাজাৰ সৰ্বমুঠ ১,২০,০০০.০০(এক লাখ বিশ) হাজাৰ টকা দিয়ে।পিছে আমাৰ এই প্ৰতিবেদনৰ পাছতে ধুৰন্ধৰ পুৰ্নিমাৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে পৰবৰ্তী সময়ত হব লক্ষ্যনীয় বিষয় ।

Leave A Reply

Your email address will not be published.