দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বৰিহাটত দুদিনীয়াকৈ উদযাপিত ধনৰ অধিষ্ঠাত্ৰীদেৱী লক্ষ্মীপূজা উপলক্ষে সাংস্কৃতিক সন্ধিয়া

0

দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বৰিহাটত দুদিনীয়াকৈ উদযাপিত ধনৰ অধিষ্ঠাত্ৰীদেৱী লক্ষ্মীপূজা উপলক্ষে সাংস্কৃতিক সন্ধিয়া। এইবেলিও পলাশবাৰীৰ বৰিহাটত বুধবাৰৰ পৰা দুদিনীয়াকৈ ১৪২ তম লক্ষ্মীপূজা উদযাপন কৰা হয়৷ সেই উপলক্ষে বৃহস্পতিবাৰে লক্ষ্মীপূজাত সাংস্কৃতিক সন্ধিয়া উদযাপন কৰা হয়৷ সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া লগতে উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তী৷ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া দেৱে৷ ইয়াৰ লগতে নিমন্ত্ৰিত কণ্ঠশিল্পী হিচাপে উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ, সংগীতা বৰঠাকুৰ, লগতে দ্বীপ দৰ্শন কণ্ঠশিল্পীকেইগৰাকীৰ প্ৰতিটো গীতে প্ৰতিগৰাকী দৰ্শকক মোহচন্ন কৰি তোলে

Leave A Reply

Your email address will not be published.