অহা ২০,২১,২২ অক্টোবৰত গণেশগুৰিৰ গোপাল বড়ো হাইস্কুল খেলপথাৰত কহিনুৰ থিয়েটাৰ
অহা ২০,২১,২২ অক্টোবৰত গণেশগুৰিৰ গোপাল বড়ো হাইস্কুল খেলপথাৰত কহিনুৰ থিয়েটাৰ।ছয় বছৰ বিৰতিৰ অন্তত গণেশগুৰিত নাট প্ৰদৰ্শন কৰিব প্ৰয়াত মহীৰূহ ৰতন লহকৰ দেৱৰ স্মৃতি বিজড়িত কহিনুৰ থিয়েটাৰে।প্ৰতিটো পেণ্ডেলতে দৰ্শকৰ ভূয়সী প্ৰশংসাৰে জনপ্ৰিয়তাৰ শীৰ্ষত ধাৱমান কৰিছে কহিনুৰৰ এই বৰ্ষৰ নাট সমূহ।প্ৰযোজক তথা পৰিচালক তপন লহকৰৰ পৰিচালনাৰে চম্পক শৰ্মাৰ বনৰীয়া ফুল,মৃদুল চুতীয়াৰ পিঞ্জৰা আৰু ৰাজদ্বীপৰ ব্ৰহ্মপুত্ৰ নাট তিনিওখনকে দৰ্শকে যথেষ্ট আদৰি লৈছে।অভিনয় কৰিছে বেহাৰবাৰী আউটপোষ্টৰ SI খ্যাত প্ৰীতম বৰুৱা, সুদৰ্শন নায়ক ঋষভ শৰ্মা, কৃষ্ণমণি নাথ,ভায়োলিনা বৰুৱা, জেৰিণা বৰুৱা, হেমেন শৰ্মা, গিৰীজা মহন্ত, ত্ৰিদীপ ৰয়,ৰাজদ্বীপ মহন্ত, দীপক তালুকদাৰ, জয়ন্ত শৰ্মা, পংক্তি নেওগ আদিৰ দৰে বহুকেইগৰাকী নবীন প্ৰবীণ নাট্য শিল্পীয়ে।