ডিগবৈত থলুৱা বজাৰ মুকলি

0

ডিগবৈত থলুৱা বজাৰ মুকলি । ডিগবৈ চহৰৰ কাষতে ৰামনগৰৰ প্ৰৱেশদ্বাৰৰ সমীপত মুকলি কৰা হৈছে বজাৰ খন । বিধায়ক সুৰেন ফুকনে ফিটা কাটি বজাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে। মুকলি অনুষ্ঠানত সমাজ সেৱক জিতেন দত্ত,পূৰ্ণ বৰা, অচি দিব্যজ্যোতি দত্ত সহ বহু কেইজন গন্যমান্য লোক উপস্থিত থাকে । উল্লেখ্য যে ডিগবৈ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত থলুৱাভাৱে উৎপাদিত শাক, পাছলি, অন্যান্য খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন সামগ্ৰী এই বজাৰত উপলব্ধ হব । ডিগবৈ মুলিয়াবাৰী ত পথৰ কাষত দৈনিক বহা বজাৰ খনৰ থলুৱা ব্যৱসায়ী সকলে ইয়াত বজাৰ বহাব । ফলত মুলিয়াবাৰী বজাৰখন বন্ধ কৰি দিয়া হব । ইয়াৰ ফলত মূলিয়াবাৰীৰ সৃষ্টি হোৱা যানজট সমস্যা নোহোৱা হব ।

Leave A Reply

Your email address will not be published.